নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিষ্টাৰ ডিপেণ্ডেবল

মগজুৰ ৰক্তক্ষৰণৰ বাবে অস্ত্রোপচাৰ কৰা ‘চাণক্য’ৰ শৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভঃ দিল্লীস্থিত সেনাবাহিনীৰ ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতালত শেষনিশ্বাস ত্যাগ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ  ভাৰতৰ স্বাধীনতা সংগ্রামৰ আগশাৰীৰ নেতাসকলৰ অন্যতম আছিল কামদা কিংকৰ মুখার্জী৷ সর্বভাৰতীয় কংগ্রেছ কমিটীৰ সদস্য মুখার্জীৰ পত্নীৰ নাম ৰাজলক্ষ্মী মুখার্জী৷ তেওঁলোকৰেই সন্তান হৈছে দেশৰ প্রাক্তন ৰাষ্ট্রপতি ভাৰত ৰত্ন প্রণৱ মুখার্জী৷
যাক কোৱা হয় দিল্লীৰ ৰাজনীতিৰ চাণক্য৷ কংগ্রেছী ৰাজনীতিৰ বাবে মিষ্টাৰ ডিপেণ্ডেবল৷ দিল্লীৰ আর্মী হাস্পতালত সোমবাৰে মুখার্জীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে ভাৰতীয় ৰাজনীতিৰ ইতিহাসৰ এটা অধ্যায়ৰ পৰিসমাপ্তি ঘটিল৷ ৰাজনীতিৰ পথাৰত বহু উত্থান–পতনৰ মাজেৰে আগবাঢ়িছিল প্রয়াত মুখার্জী৷ চিউৰিৰ বিদ্যাসাগৰ কলেজ বা কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ ৰাজনীতিৰ প্রতি আকর্ষিত হোৱা নাছিল৷ বৰং ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্রী লাভৰ পিছত তেওঁ মন বান্ধিছিল আইনৰ ডিগ্রী অর্জনৰ বাবে৷ অৱশ্যে তেওঁ কেতিয়াও আইনক পেছা হিচাপে নল’লে৷ ডাক আৰু তাঁৰ বিভাগৰ চাকৰি, শিক্ষকতাৰ পিছত ১৯৬৩ চনত তেওঁ দক্ষিণ চৌব্বিছ পৰগনাৰ আমতলাৰ বিদ্যানগৰ কলেজত ৰাজনীতি বিজ্ঞানৰ প্রবক্তা হিচাপে যোগদান কৰে৷ ১৯৫৭ চনত শুভ্রা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাক লৈ পৰিয়ালৰ তৰফৰ পৰা আপত্তি আহিছিল৷ ইয়াৰ কাৰণ শুভ্রা দেৱী ব্রাহ্মণ কন্যা নহয়৷ পিছে প্রয়াত মুখার্জীয়ে তাক গুৰুত্ব নিদিলে৷ বিদ্যানগৰ কলেজত চাকৰি কৰি থকাৰ সময়তে ১৯৬৬ চনত শিক্ষানুষ্ঠানখনৰ অন্যতম প্রতিষ্ঠাপক হৰেন্দ্রনাথ মজুমদাৰৰ হাতত ধৰি তেওঁ আৰম্ভ কৰে নিজৰ ৰাজনৈতিক জীৱন৷ এই ৰাজনৈতিক যাত্রা নানান উত্থান–পতনৰ মাজেৰে বহুদূৰ আগবাঢ়ি যায়৷ ১৯৬৭ চনৰ বিধানসভাৰ নির্বাচনত হৰেন্দ্রনাথ মজুমদাৰ প্রার্থী আছিল৷ প্রয়াত মুখার্জী তেওঁৰ হৈ প্রচাৰত নামি পৰে৷ সেই সময়ছোৱাত বাংলা কংগ্রেছৰ প্রধান তথা পশ্চিমবংগৰ তদানীন্তন মুখ্যমন্ত্রী অজয় মুখার্জীৰ নজৰত পৰিছিল প্রয়াত মুখার্জী৷ ১৯৬৯ চনত তেওঁ ৰাজ্যসভালৈ নির্বাচিত হয়৷ সংসদীয় ৰাজনীতিৰ ইনিংছ আৰম্ভ কৰাৰ সময়তে তেতিয়াৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ নজৰত পৰিছিল প্রয়াত মুখার্জী৷ ইয়াৰ পিছত আৰু তেওঁ ঘূৰি চাবলগীয়া নহ’ল৷ ১৯৭৫ চনত দ্বিতীয়বাৰৰ কংগ্রেছ প্রার্থী হিচাপে তেওঁ ৰাজ্যসভালৈ নির্বাচিত হয়৷ ইয়াৰ পূর্বে ১৯৭৩ চনত তেওঁ লাভ কৰে কেন্দ্রীয় উপ–মন্ত্রিত্বৰ পদ৷ ইতিমধ্যে তেওঁ পুৰণি দল বাংলা কংগ্রেছত চামিল হৈছিল৷ ১৯৭৭ চনৰ লোকসভা নির্বাচনৰ সময়ত কংগ্রেছৰ অভ্যন্তৰত ‘ইন্দিৰা হটাও’ শ্লোগান জোৰদাৰ হৈ পৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত দ্বি–বিভক্ত হৈছিল দল৷ একাধিক শীর্ষনেতাই দল ত্যাগ কৰিছিল৷ কিন্তু সেই সোঁতত প্রয়াত মুখার্জী চামিল হোৱা নাছিল৷ ইন্দিৰা গান্ধীৰ প্রতি আনুগত্যৰ প্রশ্ণত তেওঁ আছিল অটল৷ সেই আনুগত্যৰ পুৰস্কাৰ তেওঁ পৰৱর্তী সময়ত লাভ কৰিছিল৷ ১৯৮০ চনৰ লোকসভা নির্বাচনত দেশজুৰি প্রবল ইন্দিৰা হাৱা থকা সত্ত্বেও বোলপুৰ সমষ্টিত চিপিএম প্রার্থীৰ হাতত তেওঁ পৰাস্ত হ’বলগীয়া হৈছিল৷ ইয়াৰ তিনি বছৰৰ পূর্বে ১৯৭৭ চনত লোকসভা নির্বাচনত কংগ্রেছৰ দুর্গ মালদহত তেওঁ পৰাজিত হৈছিল৷ পিছে পৰাজিত হ’লেও তেওঁ কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ সমান্তৰালভাৱে ৰাজ্যসভাত কংগ্রেছৰ দল নেতাৰ দায়িত্ব লাভ কৰিছিল৷ ১৯৮২ চনত পুনৰ উত্থান ঘটে প্রয়াত মুখার্জীৰ৷ এইবাৰ কেন্দ্রীয় বিত্তমন্ত্রীৰ পদ লাভ কৰাৰ উপৰি তেওঁ ইন্দিৰা কেবিনেটৰ নম্বৰ–২ৰ দায়িত্ব পায়৷ প্রয়াত মুখার্জী বিত্তমন্ত্রী হৈ থকাৰ সময়ত ৰিজার্ভ বেংকৰ গৱর্নৰ পদত অধিষ্ঠিত হৈছিল প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিং৷ ইন্দিৰা গান্ধী নিহত হোৱাৰ পিছত কংগ্রেছত একপ্রকাৰ একাষৰীয়া হৈছিল মিষ্টাৰ ডিপেণ্ডেবল৷ ৰাজীৱ গান্ধীয়ে দলৰ নেতৃত্ব লোৱাৰ পিছত তেওঁক কেন্দ্রীয় মন্ত্রিত্বৰ পৰা অপসাৰণ কৰি পশ্চিমবংগৰ প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব দিয়া হয়৷ কিন্তু কিছুদিনৰ ভিতৰতে হাইকমাণ্ডৰ সৈতে সংঘাত তীব্রতৰ হোৱাত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷ এইবাৰ ৰাষ্ট্রীয় সমাজবাদী কংগ্রেছ নামেৰে এটা নতুন দল গঠন কৰি তেওঁ ১৯৮৮ চনৰ বিধানসভা নির্বাচনত প্রার্থী থিয় কৰায়৷ কিন্তু তেওঁৰ দলৰ এজনো প্রার্থী জয়ী নহ’ল৷ প্রধানমন্ত্রিত্বৰ শেষ সময়ছোৱাত ৰাজীৱ গান্ধীয়ে প্রয়াত মুখার্জীক পুনৰ দললৈ ঘূৰাই আনে৷ পি ভি নৰসিং ৰাও চৰকাৰৰ আমোলত প্রথমতে তেওঁক পৰিকল্পনা আয়োগৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হয়৷ তেতিয়াৰ বিত্তমন্ত্রী ড০ মনমোহন সিঙৰ আর্থিক সংস্কাৰৰ নীতি ৰূপায়ণত তেওঁ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ দুবছৰ পিছত বাণিজ্য মন্ত্রালয়ৰ দায়িত্বৰে তেওঁক পুনৰ কেবিনেটত অন্তর্ভুক্ত কৰা হয়৷ ১৯৯৫ চনত কেন্দ্রীয় বৈদেশিক মন্ত্রীৰ দায়িত্ব তেওঁ লাভ কৰিছিল৷ ২০০৪ চনৰ লোকসভা নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে জোঁটবন্ধনৰ মূল কাৰিকৰ আছিল প্রয়াত মুখার্জী৷ নির্বাচনত বাজপেয়ী চৰকাৰৰ পতনৰ লগে লগে কেন্দ্রত আনুষ্ঠানিকভাৱে আত্মপ্রকাশ ঘটিছিল ইউপিএৰ৷ সেই বাৰেই তেওঁ মুর্ছিদাবাদৰ জংগীপুৰ লোকসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰি ৰাইজৰ দ্বাৰা নির্বাচিত জনপ্রতিনিধি হয়৷ ছোনিয়া গান্ধীয়ে প্রধানমন্ত্রিত্বৰ পদ গ্রহণ কৰিবলৈ অমান্তি হোৱাত সেইবাৰ প্রয়াত মুখার্জীৰ নাম চর্চালৈ আহিছিল৷ কিন্তু কংগ্রেছ ৱর্কিং কমিটীয়ে প্রধানমন্ত্রী হিচাপে বাছনি কৰে ‘অৰাজনৈতিক’ ড০ মনমোহন সিঙক৷ ড০ মনমোহন সিঙৰ কেবিনেটত তেওঁ আছিল নম্বৰ–২৷ ইউপিএ চৰকাৰৰ দুটাকৈ কার্যকালত তেওঁ প্রতিৰক্ষা, বিদেশ, বিত্ত মন্ত্রালয়ৰ দায়িত্ব চম্ভালাৰ সমান্তৰালভাৱে নানান গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে৷ আনকি ভাৰত–মার্কিন পৰমাণু চুক্তি ৰূপায়ণতো তেওঁৰ ভূমিকা আছিল গুৰুত্বপূর্ণ৷ ২০১২ চনৰ ৰাষ্ট্রপতি নির্বাচনত প্রার্থী হোৱাৰ লগে লগে সক্রিয় ৰাজনীতিক বিদায় জনাইছিল প্রয়াত মুখার্জীয়ে৷

You might also like