নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ বিহাৰ দখলৰ সংকল্পৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হিন্দী বলয়ৰ ৰাজ্যখনত আজি নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ বিহাৰৰ ছাছাৰামত বিজেপিৰ হৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে মোদীয়ে৷ ভোজপুৰীতে মোদীয়ে সমৱেত জনতাক সম্বোধন কৰা পৰিলক্ষিত হয়৷
উল্লেখনীয় যে বিহাৰৰ দুগৰাকী ৰাজনীতিক ৰামবিলাস পাছোৱান আৰু ৰঘুবংশ প্রসাদ সিঙৰ বিয়োগত গভীৰ শোক প্রকাশ কৰে মোদীয়ে৷ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে কংগ্রেছসহ বিৰোধী দলবোৰক তীব্র সমালোচনা কৰে৷ সংবিধানৰ ৩৭০ অনুচ্ছেদ বিৰোধীয়ে পুনৰ বলৱৎ কৰিব বুলি কৰা ঘোষণা সন্দর্ভত ক্ষোভ উজাৰে প্রধানমন্ত্রীগৰাকীয়৷
ইফালে, ভাগলপুৰত এখন জনসমাৱেশত অংশগ্রহণ কৰি মোদীয়ে বিহাৰৰ পূর্বৰ চৰকাৰক কঠোৰ সমালোচনা কৰে৷ পূর্বৰ আৰজেডি নেতৃত্বাধীন চৰকাৰে বিহাৰত মাওবাদীক সমর্থন কৰিছিল বুলি সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে৷ এনডিএ ক্ষমতালৈ অহাৰ পিছতহে বিহাৰত উন্নয়নৰ প্রক্রিয়া ত্বৰান্বিত হোৱা বুলিও উল্লেখ কৰে মোদীয়ে৷