নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ পশ্চিমবংগত মমতা বেনার্জীৰ তৃণমূল কংগ্রেছৰ দুর্গত কঁপনি তুলি আজি হালদিয়াত আয়োজিত এক বিশাল জনসভাত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে মুখ্যমন্ত্রী মমতাৰ ওচৰত অধিকাৰৰ কথা উল্লেখ কৰিলেই নেত্রীগৰাকী ক্ষুব্ধ হৈ পৰে৷ ‘ভাৰত মাতা কী জয়’ ধ্বনি দিলেই মমতা হৈ পৰে ৰুষ্ট৷ মমতা বেনার্জী ৰাজ্যখনৰ ক্ষমতালৈ অহাৰ সময়তে এটা কথা স্পষ্ট হৈছিল যে ভ্রষ্টাচাৰ, অপৰাধ, হিংসা পুনৰ প্রতিষ্ঠা হ’ব ৰাজ্যখনত৷
পশ্চিমবংগৰ জনসাধাৰণে হিংসা, ভ্রষ্টাচাৰ, কু–শাসন সকলো দেখিলে বুলি উল্লেখ কৰি মোদীয়ে কয় যে শীঘ্রে ৰাজ্যবাসীয়ে তৃণমূল কংগ্রেছক ‘ৰাম কার্ড’ দেখুৱাব৷ স্মর্তব্য যে ৰাজ্যখনত আগন্তুক বিধানসভা নির্বাচনৰ দুন্দুভি বজাই মমতালৈ সতর্কবাণী কৰাৰ পূর্বে প্রধানমন্ত্রীগৰাকীয়্ উত্তৰাখণ্ডত হিমবাহ খহি সংঘটিত প্রাকৃতিক দুর্যোগ সন্দর্ভত মন্তব্য কৰি সমগ্র দেশে উত্তৰাখণ্ডবাসীৰ এই বিপদৰ সময়ত প্রার্থনা কৰি আছে বুলিও উল্লেখ কৰে৷