নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ বৈশিষ্ট্যৰ ৩৫ শস্যৰ বীজ দেশবাসীক অর্পণ মোদীৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ ইণ্ডিয়ান কাউঞ্চিল অৱ এগ্রিকালচাৰেল ৰিছার্চ চমুকৈ আই চি এ আৰৰ দ্বাৰা বিকশিত বিশেষ বৈশিষ্ট্যসমৃদ্ধ ৩৫ শস্যৰ বীজ মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ জলবায়ু পৰিৱর্তন আৰু পুষ্টিহীনতা প্রত্যাহ্বান শীর্ষক কার্যসূচী সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে এই ৩৫ শস্যৰ বীজ দেশবাসীক উচর্গা কৰে৷

আই চি এ আৰৰ প্রতিষ্ঠানসমূহ, ৰাজ্য আৰু কেন্দ্রৰ কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা আয়োজিত কার্যসূচীত প্রধানমন্ত্রীগৰাকীয়ে মুকলি কৰা শস্যৰ বীজে জলবায়ু পৰিৱর্তনৰ মাজতে ফচল দিব পাৰিব৷ মানৱ আৰু পশুৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্রভাৱ পেলোৱা একাংশ শস্যৰ বীজক আই চি এ আৰ–এ বিজ্ঞানসন্মত পদ্ধতিৰে বিকাশ ঘটাই নতুন বীজৰ সৃষ্টি কৰিছে৷ ৩৫ শস্যৰ বীজৰ ভিতৰত চয়াবিন, গমকে ধৰি বীনৰ কেইবাটাও প্রকাৰ আছে৷

You might also like