নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৃত অ’এছডিক লৈ বিজুলী ভৱনত অভিযান

নিযুক্তিৰ বিয়াগোম কেলেংকাৰিয়ে কঁপাইছে এপিডিচিএলৰ বৰঘৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ এপিডিচিএলৰ নিযুক্তিৰ কেলেংকাৰিক লৈ চলি থকা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ তদন্ত অব্যাহত আছে৷ ইতিমধ্যে এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ১১জনকৈ লোকক গ্রেপ্তাৰ কৰা হৈছে৷ যোৱা শুকুৰবাৰে গ্রেপ্তাৰ হোৱা কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা অ’এছডি দীপাংকৰ দিহিঙীয়াক লৈ মঙলবাৰে পুনৰ তদন্তকাৰী দলে বিজুলী ভৱনত অভিযান চলায়৷ এই অভিযান কালত ইতিমধ্যে নষ্ট কৰি পেলোৱা পৰীক্ষা সম্পর্কীয় নথিপত্র উদ্ধাৰৰ চেষ্টা চলোৱাৰ লগতে তদন্তকাৰী দলটোৱে কম্পিউটাৰৰ কিছু ডাটা উদ্ধাৰৰ চেষ্টা চলায়৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই নিযুক্তি পৰীক্ষাত কেলেংকাৰিৰ ক্ষেত্রত গ্রহণ কৰা কঠোৰ স্থিতিৰ পিছত তদাৰকী শাখাই অভিযান তীব্রতৰ কৰি তুলিছে৷ জানিব পৰা মতে, ২০১৯ বর্ষত অনুষ্ঠিত পৰীক্ষাত বহুকেইজন প্রার্থীৰ সৈতে অ’এছডি দীপাংকৰ দিহিঙীয়া আৰু মহাপ্রবন্ধক আতাউৰ ৰহমানে প্রত্যক্ষভাৱে যোগাযোগ কৰিছিল৷ মুখ্যতঃ ধনৰ বিনিময়ত নিযুক্তি পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ প্রতিশ্রুতিৰে চলোৱা এনে যোগাযোগৰ জৰিয়তে বহুকেইজন প্রার্থীৰ পৰা সংগ্রহ কৰা হৈছিল লাখ লাখ টকা৷ তদন্তকাৰী দলে কোন কোন প্রার্থীৰ পৰা পৰীক্ষাত উত্তীর্ণ কৰি দিয়াৰ বাবদ কিমান ধন সংগ্রহ কৰিছিল, সেই সন্দর্ভত বিভিন্ন দিশ পৰীক্ষা কৰি থকাৰ লগতে সোধা–পোছা অব্যাহত ৰাখিছে৷

ইফালে, এই কেলেংকাৰিত জড়িত হৈ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত জোকাৰণিৰ সৃষ্টি হৈছে৷ তদাৰকী শাখাই ইতিমধ্যে গ্রেপ্তাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ সহায়ক শশাংক শইকীয়া, নিৰাপত্তাৰক্ষী বেবীলন কাকতিক৷ এই ঘটনাক লৈ বিশ্ববিদ্যালয়ত চলি থকা প্রতিক্রিয়াৰ মাজতে শ্রেণীসমূহৰ ভাৰপ্রাপ্ত সচিব ড০ দিলীপ বৰাই দায়িত্বৰ পৰা অব্যাহতি লৈছে৷

উল্লেখ্য যে এপিডিচিএলে অনুষ্ঠিত কৰা পৰীক্ষাৰ বহী মূল্যায়ন কৰাৰ দায়িত্ব লৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ে৷ ইয়াৰ বাবে এপিডিচিএল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল৷ পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে বিশ্ববিদ্যালয়ে ভাৰপ্রাপ্ত সচিব দিলীপ বৰাৰ নেতৃত্বত গঠন কৰি দিছিল এখন তিনিজনীয়া কমিটী৷ এই কমিটীৰ সদস্য আছিল শশাংক শইকীয়া আৰু হিমাংশু কুমাৰ দাস৷ কমিটীখনৰ পৰা ভাৰপ্রাপ্ত সচিব দিলীপ বৰাৰ পদত্যাগে সমগ্র বিষয়টোক অধিক জটিল কৰি তুলিছে৷

You might also like