নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা ভাৰতীয় সৈন্যৰ সৈতে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰি আহিছে। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উৎসৱ উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত হয়। কাৰ্গিলত সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰে। বন্দে মাতৰম শ্লোগান দি জোৱানসকলৰ লগত গীত গাই, মিঠাই বিতৰণ কৰি দীপাৱলী উদযাপন কৰে।
সেনাৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত সদায় যুদ্ধক শেষ উপায় হিচাপে চাই আহিছে যদিও শক্তি অবিহনে শান্তিও লাভ কৰিব নোৱাৰি। কোনোবাই যদি আমাৰ ফালে বেয়া চকুৰে চাবলৈ সাহস কৰে তেন্তে আমাৰ তিনিওটা সশস্ত্ৰ বাহিনীয়ে উপযুক্ত উত্তৰ দিবলৈ সদায়ে সাজু থাকে।’
#WATCH | ‘Vande Mataram’ & ‘Bharat Mata Ki Jai’ slogans chanted by members of the Armed Forces, as Prime Minister Narendra Modi joined them for #Diwali celebrations in Kargil pic.twitter.com/WvtM01PEbI
— ANI (@ANI) October 24, 2022
একে সময়তে প্ৰধানমন্ত্ৰীৰ ভাষণত তেওঁ জোৱানসকলক নিজৰ পৰিয়াল বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, মানুহে পৰিয়ালৰ সৈতে দীপাৱলী উৎসৱ পালন কৰে। আপোনালোকেই মোৰ পৰিয়াল, সেয়ে পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ আহিছোঁ। আপোনালোকৰ শক্তিৰ বাবেই দেশত শান্তি আৰু নিৰাপত্তা আহিছে।
উল্লেখ্য যে যোৱা ২০১৪ চনৰ পৰায়ে প্ৰতিবছৰে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিও সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰি আহিছে।