কেবিনেট বৈঠকত ঘোষণা- দেশত সাৰ্বজনীন WI-FIৰ প্ৰসাৰৰ বাবে ১ কোটি ডাটা চেণ্টাৰ
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ কৃষক আন্দোলনৰ মাজতে আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অনুষ্ঠিত বৈঠকৰ বিষয়ে সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবড়েকাৰ, ৰবিশংকৰ প্ৰসাদ আৰু সন্তোশ গংগাৱাৰে।
কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ মতে, পিএম বাণী আঁচনি অনুযায়ী দেশত সাৰ্বজনীন WI-FIৰ প্ৰসাৰৰ বাবে চৰকাৰে ১ কোটি ডাটা চেণ্টাৰ খুলিব। আঁচনিখনক প্ৰধান মন্ত্ৰী ৱাই-ফাই এক্সেচ ইণ্টাৰফেচ হিচাপে নামকৰণ কৰা হৈছে। এই আঁচনিয়ে দেশত ৱাই-ফাইৰ ক্ষেত্ৰত বিপ্লৱ আনিব বুলি আশা কৰা হৈছে।
ইয়াৰ অধীনত চৰকাৰে ৰাজহুৱা ডাটা অ’ফিচ (PDO) খুলিব আৰু ইয়াৰ বাবে কোনো অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই। যিকোনো মজুত থকা দোকানকে ডাটা কাৰ্যালয়লৈ ৰূপান্তৰ কৰা হ’ব। চৰকাৰে ডাটা কাৰ্যালয়, ডাটা এগ্ৰিগেটৰ, এপ ছিষ্টেমৰ বাবে ৭ দিনত কেন্দ্ৰটো খুলিবলৈ অনুমতি দিব।
কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে লগতে কয় যে লক্ষীদ্বীপৰ দ্বীপতো ফাইবাৰ কানেক্টিভিটি সংযোগ কৰা হ’ব। আজিৰ বৈঠকত লগতে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিকো অনুমোদন জনোৱা হয়। কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংগৱাৰে সাংবাদিকৰ আগত কয় যে দেশত আত্মনিৰ্ভৰ আঁচনিখন ৰূপায়ণ কৰা হ’ব, যাৰ ব্যয় হৈছে ২০২০-২০২৩ চনলৈ মুঠ ২২,০০০ কোটি টকা। এই আঁচনিৰ অধীনত প্ৰায় ৫৮.৫ লাখ কৰ্মচাৰী উপকৃত হ’ব।