নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকক সম্পূর্ণ স্বতন্ত্রতা প্রদানৰ যুগান্তকাৰী সিদ্ধান্ত মোদী চৰকাৰৰ

নিয়মীয়া বার্তা, ৪ জুনঃ  কেন্দ্রীয় কেবিনেটে বুধবাৰে অত্যাৱশ্যকীয় সামগ্রী আইন, ১৯৫৫ সংশোধনৰ ঐতিহাসিক সিদ্ধান্তত অনুমোদন জনায়৷ কৃষকক নিজৰ উৎপাদিত সামগ্রী বিক্রীৰ ক্ষেত্রত স্বতন্ত্রতা প্রদান কৰাৰ উদ্দেশ্যে কেন্দ্রই এই সুদূৰপ্রসাৰী পদক্ষেপ হাতত লৈছে৷ ঘেঁহু, দাইল, আলু, পিঁয়াজ, সৰিয়হ আদি কৃষি উৎপাদন–বিক্রীৰ ক্ষেত্রত কৃষকক অধিক স্বতন্ত্রতা প্রদান কৰিবলৈ কেবিনেটে দুখনকৈ অধ্যাদেশতো অনুমোদন জনায়৷

কেন্দ্রীয় কেবিনেটৰ পিছতেই কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ আৰু তথ্য–সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰে কয় যে কেন্দ্রই ২০২২ চনৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণ কৰাৰ যি লক্ষ্য হাতত লৈছে, তাৰ অংশ হিচাপে আর্থিকভাৱে দুর্বল কৃষকক সহায় কৰিবলৈ এপিএমচি (এগ্রিকালচাৰ প্রডিউচ মার্কেট কমিটী)ৰ আওতাৰ পৰা তেওঁলোকক মুক্ত কৰাৰ ঐতিহাসিক সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰতৰ ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ পিছত বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই সংশোধনীৰ আভাস দিছিল৷

কৃষিমন্ত্রী টোমৰে কয় যে কেন্দ্রীয় কেবিনেটে আজি কৃষি উৎপাদন ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সহায়তা) অধ্যাদেশত অনুমোদন জনাইছে৷ ইয়াৰ পৰা কৃষকসকল বিশেষভাৱে উপকৃত হ’ব, কিয়নো তেওঁলোকে পূর্বৰ দৰে কেৱল এপিএমচিৰ অনুজ্ঞাপত্র থকা ব্যৱসায়িক প্রতিষ্ঠানক কৃষি সামগ্রী বিক্রী কৰিবলৈ বাধ্য হৈ নাথাকে৷ এই অধ্যাদেশৰ জৰিয়তে কৃষকসকলে উৎপাদিত কৃষি সামগ্রী বিক্রীৰ বাবে পোনপটীয়াকৈ বৃহৎ খুচুৰা ব্যৱসায়িক প্রতিষ্ঠান, মধ্যস্থতাকাৰী কোম্পানী, ৰপ্তানিকাৰী আৰু খাদ্য সামগ্রী প্রচেছৰ প্রতিষ্ঠানৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ এইক্ষেত্রত কৃষকসকলৰ স্বার্থ সুৰক্ষিত কৰিবলৈ ‘ফার্মাৰ (এম্পাৱাৰমেণ্ট এণ্ড প্রটেকচন) এগ্রিমেণ্ট অন প্রাইচ এছিউৰেন্স এণ্ড ফার্ম ছার্ভিছেছ অর্ডিনেন্স, ২০২০’ শীর্ষক আন এখন অধ্যাদেশতো কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়৷ কৃষিমন্ত্রী টোমৰে কয় যে এই দুখন অধ্যাদেশৰ জৰিয়তে দেশৰ দুখীয়া কৃষকসকলৰ ওপৰত নিষ্পেষণ বন্ধ কৰাটো সম্ভৱ হ’ব৷ অত্যাৱশ্যকীয় সামগ্রী আইন সংশোধনৰ ফলত দেশৰ কৃষিখণ্ডৰ গোটেই ছবিখনেই সলনি হৈ যাব বুলি মন্ত্রীজনে মন্তব্য কৰে৷

তেওঁ কয়– চৰকাৰী নীতি–নিয়মৰ অতিৰিক্ত হস্তক্ষেপৰ আশংকাত দ্বিধাগ্রস্ততাত ভোগা ব্যক্তিগত বিনিয়োগকাৰীৰ আশংকাও এই আইনখনৰ সংশোধনে দূৰ কৰিব৷ মন্ত্রী জাভাড়েকাৰে কয় যে ইয়াৰ জৰিয়তে প্রায় ৯.৫ লাখ কৃষক উপকৃত হ’ব৷ তদুপৰি কৃষকসকলে বিক্রী কৰা কৃষি সামগ্রীৰ ওপৰত কোনো কৰ আৰোপ কৰা নহয় বুলিও তেওঁ জানিবলৈ দিয়ে৷ দুয়োগৰাকী মন্ত্রীয়ে উৎসাহেৰে কয় যে কৃষি সামগ্রী ক্রয়–বিক্রয়ত কৃষক আৰু বণিক উভয়কে স্বতন্ত্রতা প্রদান কৰি এক সুস্থ পৰিৱেশ গঢ়ি তুলিব খোজা হৈছে৷

লক্ষণীয়ভাৱে এতিয়াৰ পৰা কৃষি সামগ্রী ক্রয় কৰাৰ ক্ষেত্রত কোনোধৰণৰ বাধা আৰোপ কৰা নহয়৷ কৃষি উৎপাদন ক্রয়ৰ বাবে মাথোঁ পানকার্ডৰহে প্রয়োজন হ’ব৷ কৃষিমন্ত্রী টোমৰে দাবী কৰে যে কৃষি উৎপাদন ব্যয় হ্রাস হ’লে সামগ্রীৰ দাম হ্রাস পাব আৰু ইয়াৰ ফলত খাদ্য মুদ্রাস্ফীতিৰ হাৰ নিয়ন্ত্রণ কৰাটো সম্ভৱ হ’ব৷ আনহাতে উৎপাদন ব্যয়তকৈ ৫০ শতাংশ অধিক নূ্যনতম সমর্থন মূল্য নির্ধাৰণ কৰিবলৈ কেন্দ্রীয় কেবিনেটে সন্মতি প্রদান কৰে৷ স্বামীনাথন প্রতিবেদনৰ পৰামর্শমর্মে এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ কৃষিমন্ত্রী টোমৰে কয় যে দেশৰ ৮৫ শতাংশ কৃষকেই আর্থিকভাৱে সচ্ছল নহয়৷ তেওঁলোকক সহায় কৰাটো চৰকাৰৰ দায়িত্ব৷ কৃষি উৎপাদন সম্পর্কীয় বিবাদ নিষ্পত্তিৰ বাবে মহকুমাধিপতি আৰু জিলা উপায়ুক্তসকলে সিদ্ধান্ত ল’ব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষকৰ ভূমি মালিকীস্বত্বৰ প্রতি ভাবুকি আহিব পৰা কোনো সিদ্ধান্ত উপায়ুক্ত–মহকুমাধিপতি ল’ব নোৱাৰিব৷ টোমৰে কয়– ‘ভাৰতে ১৯৪৭ চনতে স্বাধীনতা লাভ কৰিছিল৷ কিন্তু দেশৰ কৃষকসকলে স্বাধীনতা লাভ কৰিলে৷’ এতিয়াৰ পৰা দেশৰ যিকোনো স্থানৰ যিকোনো বজাৰত কৃষকসকলে নিজৰ উৎপাদিত সামগ্রী বিক্রী কৰিব পাৰিব বুলি তেওঁ কয়৷

স্মর্তব্য যে ইয়াৰ পূর্বে ১ জুনৰ কেবিনেট বৈঠকত ক্ষুদ্র, অতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগলৈ ২০ হাজাৰ কোটি আগবঢ়োৱাৰ লগতে খাৰিফ শস্যৰ নূ্যনতম মূল্য ৫০–৮৩ শতাংশ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছিল৷

You might also like