ক’ভিড নিয়ন্ত্রণত ভাৰততকৈ সফল পাকঃ শশী থাৰুৰ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ কংগ্রেছ নেতা তথা তিৰুৱনন্তপুৰমৰ সাংসদ শশী থাৰুৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে পাকিস্তানত কঠোৰ মন্তব্য আগবঢ়োৱাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷
কংগ্রেছ সাংসদগৰাকীয়ে লাহোৰত অনুষ্ঠিত সাহিত্য উৎসৱত ভার্চুৱেলী অংশগ্রহণ কৰি উল্লেখ কৰে যে ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত ব্যর্থ হৈছে মোদী চৰকাৰ৷ ইয়াৰ বিপৰীতে পাকিস্তানে ক’ভিড–১৯ মহামাৰী নিয়ন্ত্রণত মোদী চৰকাৰতকৈ সফলতা লাভ কৰা বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে৷
এইক্ষেত্রত ৰাহুল গান্ধীয়ে যোৱা ফেব্রুৱাৰী মাহতে ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত ভাৰতে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি কৰা মন্তব্যৰো প্রসংগ টানে থাৰুৰে৷