নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবাৰকৈ ৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে সাক্ষাৎ হৈছিল মোদীৰ; ১১ ছেপ্টেম্বৰত ৰাষ্ট্রীয় শোক ঘোষণা ভাৰতত

  • ভাৰতৰ প্রধানমন্ত্রীক দেখুৱাইছিল মহাত্মা গান্ধীয়ে বিয়াত উপহাৰ দিয়া ৰুমাল

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: বিশ্বৰ প্রায় ডেৰশখন দেশ ভ্রমণ কৰিছিল ব্রিটেইনৰ সদ্যপ্রয়াত ৰাণী দ্বিতীয় এলিজাবেথে৷ ইয়াৰ ভিতৰত ৰাণী দ্বিতীয় এলিজাবেথে আটাইতকৈ বেছি ২৮বাৰ কানাডা ভ্রমণ কৰাৰ উপৰি ১৪বাৰ ফ্রান্স ভ্রমণ কৰিছিল৷ লক্ষণীয়ভাৱে ফৰাচী আৰু জার্মান ভাষাতো দখল আছিল ৰাণী দ্বিতীয় এলিজাবেথৰ৷ ইউৰোপজুৰি বিশেষ জনপ্রিয়তা আছিল ৰাণীৰ৷ আনকি ভাৰতৰ দৰে এছিয়াৰ বহু দেশতো ৰাণীৰ আছিল অসংখ্য অনুৰাগী৷ তিনিবাৰকৈ ভাৰত ভ্রমণ কৰিছিল ব্রিটেইনৰ ৰাণীগৰাকীয়ে৷ ১৯৬১ চনত প্রথমবাৰলৈ ভাৰত ভ্রমণ কৰা ব্রিটেইনৰ ৰাণীগৰাকীয়ে তাৰ পাছতো দুবাৰ ভাৰতলৈ আহিছিল৷ ব্রিটেইনৰ ইতিহাসত আটাইতকৈ বেছি দিন সিংহাসনত থকাৰ অভিলেখ গঢ়া ৰাণী দ্বিতীয় এলিজাবেথে প্রতিখন দেশত অতিথিৰ সৈতে সৌহার্দ্যপূর্ণভাৱে মিলিত হৈছিল৷

ৰাণীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি টুইটাৰত উল্লেখ কৰে যে নিজৰ দেশৰ বহু ব্যক্তিত্বৰ অনুপ্রেৰণা ৰাণী দ্বিতীয় এলিজাবেথ৷ সাধাৰণ মানুহৰ ওচৰত শৃংখলা আৰু মর্যাদাৰ প্রতীক আছিল ৰাণী৷ ৰাণীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি ব্রিটিছ ৰাজ পৰিয়াললৈ সহানুভূতি জ্ঞাপন কৰে মোদীয়ে৷ ইয়াৰ পাছতে ৰাণীৰ সৈতে সাক্ষাতৰ কথা উল্লেখ কৰে প্রধানমন্ত্রীগৰাকীয়্৷ ব্রিটেইন ভ্রমণৰ সময়ত দুবাৰকৈ ৰাণীৰ সৈতে সাক্ষাৎ হৈছিল ভাৰতৰ প্রধানমন্ত্রী মোদীৰ৷ ২০১৫ আৰু ২০১৮ চনত ব্যস্ততাপূর্ণ সূচীৰ মাজতো ৰাণীৰ সৈতে দেখা কৰাৰ সৌভাগ্য হৈছিল মোদীৰ৷ সেই সাক্ষাতৰ সময়ত ৰাণী দ্বিতীয় এলিজাবেথে এখন ৰুমাল দেখুৱাইছিল বুলি প্রধানমন্ত্রী মোদীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ এই ৰুমালখন ৰাণী এলিজাবেথক বিয়াত উপহাৰ হিচাপে দিছিল মহাত্মা গান্ধীয়ে৷ সেই স্মৃতি চিৰকাল মনত সজীৱ হৈ থাকিব বুলিও প্রধানমন্ত্রীগৰাকীয়্ উল্লেখ কৰিছে৷

লক্ষণীয়ভাৱে ১৯৪৭ চনত বিবাহ সম্পন্ন হৈছিল ব্রিটিছ ৰাণী দ্বিতীয় এলিজাবেথৰ৷ তেতিয়াই মহাত্মা গান্ধীয়ে দ্বিতীয় এলিজাবেথক ৰুমাল উপহাৰ দিছিল বুলি মোদীয়ে কালি ৰাণীৰ বিয়োগৰ সময়ত উল্লেখ কৰে৷ ইফালে ৰাণী এলিজাবেথৰ মুকুটৰ মূল্যৱান কহিনুৰ হীৰা এইবাৰ ব্রিটিছ ৰাজ পৰিয়ালৰ কোনে লাভ কৰিব, তাক লৈও আৰম্ভ হৈছে চর্চা৷ স্মর্তব্য যে এই কহিনুৰ হীৰাৰ সৈতে জড়িত হৈ আছে ভাৰতৰ সম্পর্ক৷ ব্রিটেইনে ভাৰতৰ পৰাই এই কহিনুৰ হীৰা লাভ কৰিছিল৷ ৰাজ পৰিয়ালৰ নিয়ম অনুসৰি কহিনুৰ হীৰাৰ গৰাকী হ’ব এইবাৰ ৰজা চাল্র্ছৰ পত্নী কেমিলা৷ অৱশ্যে এই সন্দর্ভত এতিয়াও কোনোধৰণৰ তথ্য সদৰী কৰা নাই ৰাজ পৰিয়ালে৷ ইফালে অহা ১১ ছেপ্ঢেম্বৰত ভাৰতে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুত ৰাষ্ট্রীয় শোক পালন কৰাৰ সিদ্ধান্ত লৈছে৷ অহা ১১ ছেপ্ঢেম্বৰত অর্ধনমিত থাকিব দেশৰ ৰাষ্ট্রীয় পতাকা৷ গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা এক বিবৃতিযোগে উল্লেখ কৰা হৈছে যে ৰাণী দ্বিতীয় এলিজাবেথৰ প্রতি সন্মান জনাই এদিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা কৰা হৈছে৷

You might also like