নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক অধিকৃত কাশ্মীৰ উদ্ধাৰৰ বাবেই মোদীক লাগে ৪০০ আসন

🔹 বিহাৰ–ঝাৰখণ্ডত মুখ্যমন্ত্রী ড০ শর্মাৰ বিশাল নির্বাচনী সভা

বিশেষ বাৰ্তা, ১২ মে’ : জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ পাছত এইবাৰ পাক অধিকৃত কাশ্মীৰ (পিঅ’কে) উদ্ধাৰৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে৷ ইয়াৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএই এইবাৰ লোকসভা নির্বাচনত ৪০০খন আসন বিচাৰিছে৷- কালি বিহাৰত নির্বাচনী প্রচাৰ চলাই বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ বিহাৰৰ বেগুচৰাইত কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙৰ হৈ নির্বাচনী প্রচাৰ চলাই ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশত চর্চা হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদীক এইবাৰ লোকসভা নির্বাচনত কিয় ৪০০খন আসন লাগে? ইয়াৰ উদ্দেশ্য হৈছে পাক অধিকৃত কাশ্মীৰ উদ্ধাৰ কৰা, মথুৰাত কৃষ্ণ জনমভূমি মন্দিৰ, জ্ঞানব্যাপী মছজিদৰ স্থানত কাশী–বিশ্বনাথ মন্দিৰ স্থাপন, ইউচিচি প্রৱর্তন, লাভ জেহাদ বন্ধ কৰা, দেশৰ সংস্কৃতি–সভ্যতাক ৰক্ষণাবেক্ষণ দিয়া৷ কংগ্রেছে যাতে ৰাম মন্দিৰত পুনৰ বাবৰি মছজিদ নির্মাণ কৰিব নোৱাৰে, তাৰ বাবেই মোদীক ৪০০খন আসনত জয়ী কৰাৰ প্রয়োজন৷ কংগ্রেছ দল, ৰাহুল গান্ধী আৰু আৰজেডিৰ নেতা লালুপ্রসাদ যাদৱক ক্ষুৰধাৰ সমালোচনা কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ আৰু ৰাহুল গান্ধীয়ে এতিয়া ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা কেতিয়া হ’ব, সেই প্রশ্ণ নকৰে৷ কাৰণ প্রধানমন্ত্রী মোদীয়ে ইতিমধ্যে নিজ হাতেৰে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা কৰিলে৷ কংগ্রেছ আৰু ৰাহুল গান্ধীয়ে ৰাম মন্দিৰলৈ নাযায়৷ লালুপ্রসাদ যাদৱেও নাযায়৷ পূর্বৰ জন্মত তেওঁলোকে ইমান পাপ কৰিছে যে ভগৱানেও তেওঁলোকক যোৱাটো নিবিচাৰে৷ যাৰ বাবে ভগৱানে তেওঁলোকক মতিভ্রম কৰি দিছে৷ এই জনমত ৰাহুল গান্ধী, লালু প্রসাদ যাদৱৰ ৰাম মন্দিৰ দর্শনৰ সুবিধা নিমিলিব৷ এয়া মোৰ গেৰাণ্ঢী৷ মুছলমানসকলে দুই–তিনিজনী ছোৱালী বিয়া পতা কার্যৰো তীব্র বিৰোধিতা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তাৰ বাবেই বিজেপিয়ে ইউচিচি আনিব৷ এইক্ষেত্রত ওৱেইছিয়ে মুছলমানসকলে দুই–তিনিজনী ছোৱালী বিয়া কৰোৱাটো তেওঁলোকৰ স্বতন্ত্রতা বুলি কোৱা কার্যৰো তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১১–১২ বছৰ বয়সতে ছোৱালীক বিয়া পতাটো কেনেধৰণৰ স্বতন্ত্রতা? অসমত বাল্যবিবাহ বন্ধ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত বাল্যবিবাহ কৰোৱা ৬ হাজাৰ লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰি জে’ললৈ পঠিওৱা হৈছে৷ বাল্যবিবাহ কৰা সেইসকল লোক এটা নির্দিষ্ট সম্প্রদায়ৰ৷ সেইদৰে সমগ্র দেশৰ লগতে অসমতো লাভ জেহাদ চলাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হিন্দুৰ নাম লৈ একাংশই হিন্দু ছোৱালী বিয়া পাতে৷ বিয়াৰ পাছত গম পায় সেই যুৱকজন হিন্দু নহয়৷ এই লাভ জেহাদ আমি বন্ধ কৰিব লাগিব৷ হিন্দুৰ নাম লৈ হিন্দু ছোৱালীক প্রৰোচিত কৰি বিয়া পতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগিব৷ আমি এই লাভ জেহাদ বন্ধ কৰিম৷ সেইদৰে আমাৰ দেশৰ সংবিধান প্রণেতা বাবা চাহেব আম্বেদকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ এই সংৰক্ষণ ধর্মৰ আধাৰত নহয়৷ কিন্তু পশ্চিমবংগ, কর্ণাটক, অন্ধ্রপ্রদেশ আদিকে ধৰি বিৰোধীৰ দখলত থকা বহু ৰাজ্যত অ’বিচিৰ বাবে সংৰক্ষিত আসনৰ চাৰিৰ পৰা ছয় শতাংশ আসন মুছলমানৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ আৰজেডিৰ নেতা লালুপ্রসাদ যাদৱেও অ’বিচিৰ সংৰক্ষিত আসনত মুছলমানৰ বাবেও সংৰক্ষণৰ পোষকতা কৰিছে৷ লালুপ্রসাদ যাদৱে স্পষ্টভাৱে কৈছে– মুছলমানৰ বাবেও সংৰক্ষণ কৰিব লাগে৷ কিন্তু এই সংৰক্ষণ ভাৰতত নহ’ব৷ পাকিস্তানত হ’ব পাৰে৷ ভাৰতত মুছলমানৰ বাবে কোনো সংৰক্ষণ হ’ব নোৱাৰে৷ বৰং যি সংৰক্ষণ পাই আছে সেয়াও বন্ধ কৰাটোহে আমাৰ কাম৷ কাৰণ অ’বিচি, অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ অধিকাৰ কোনেও কাটিব নোৱাৰে৷ ৰাহুল গান্ধী, লালুপ্রসাদ যাদৱে আমাৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ অধিকাৰ যাতে কাঢ়িব নোৱাৰে, তাৰ বাবে মোদীক এইবাৰ লোকসভা নির্বাচনত ৪০০ আসনত জয়ী কৰাব লাগে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ভাৰতীয়ই পাকিস্তানক ভয় নকৰে৷ আমাৰ দেশে এতিয়া আমেৰিকা–চীনৰ লগত প্রতিযোগিতা কৰি আছে ভাৰতক বিশ্বগুৰু কৰাৰ বাবে৷ কংগ্রেছৰ ৰাজনীতি তুষ্টিকৰণৰ ৰাজনীতি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে আমি ভাৰতত তুষ্টিকৰণৰ ৰাজনীতি হ’বলৈ নিদিওঁ৷ আমি ৰাম মন্দিৰতে সন্তুষ্ট নহওঁ৷ ঔৰংগজেব আৰু বাবৰে যিবোৰ কৰি গৈছে, সেইবোৰ ওলট–পালট কৰি দিয়াৰ বাবেই আমি আৰু সময় বিচাৰিছোঁ৷ আমি দেশখনক এনেদৰে নির্মাণ কৰিব লাগিব, য’ত হিন্দু সভ্যতাৰ ওপৰত আধাৰিত হয়৷ সংবিধান প্রণয়নৰ সময়ত আমাৰ সংবিধান সভাত ৯৫ শতাংশ হিন্দু লোক আছিল৷ পাকিস্তানৰ সংবিধান প্রণয়নৰ সময়ত তেওঁলোকৰ সংবিধান সভাত ৯৫ শতাংশ মুছলমান আছিল৷ আমাৰ সংবিধান সভাত হিন্দু থকা বাবেই ভাৰতবর্ষ ধর্মনিৰপেক্ষ ৰাষ্ট্র হয়৷ ইয়াৰ বিপৰীতে পাকিস্তান মুছলিম ৰাষ্ট্র হয়৷ দেশৰ সংস্কৃতি–সভ্যতাক আমি ৰক্ষণাবেক্ষণ দিব লাগিব৷ দেশখনত বিকাশৰ গংগা নমাই আনিব লাগিব৷ আমি হিন্দু–মুছলমানৰ কথা নকওঁ, সকলোৰে বিকাশৰ বাবে কাম কৰোঁ৷ দেশৰ কল্যাণৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএই কাম কৰে৷ আমাৰ সংস্কৃতি সংৰক্ষণৰ বাবেই এইবাৰ লোকসভা নির্বাচনত মোদীক ৪০০ আসন দিব লাগিব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আগতে পাকিস্তানৰ পৰা মানুহ আহি ভাৰতত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে পাকিস্তানত বিস্ফোৰণ ঘটোৱাৰ পাছত এতিয়া পাকিস্তানৰ পৰা কোনেও ভাৰতলৈ আহি বোমা বিস্ফোৰণ ঘটাব নোৱাৰে৷ বিহাৰত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থীক এই নির্বাচনত জয়যুক্ত কৰোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এনডিএই একমাত্র মিত্রদল, যিয়ে সুস্থিৰ চৰকাৰ গঠন কৰি বিহাৰৰ জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণ কৰিব পাৰে৷ এইবাৰ লোকসভা নির্বাচনত বিহাৰৰ ৪০খন আসনৰ আটাইকেইখনতে এনডিএই জয়লাভ কৰাটো এশ শতাংশ নিশ্চিত বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ ইফালে, বিহাৰৰ বেগুচৰাইত নির্বাচনী প্রচাৰ চলাই মুখ্যমন্ত্রী ড০ শর্মা ঝাৰখণ্ডলৈ ৰাওনা হয় আৰু কালিৰ দিনটোতে তেওঁ ঝাৰখণ্ডৰ ৰাঁচীত এখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷

You might also like