নিউজ ডেস্ক, ২৮ এপ্রিল : পেহেলগাম-ৰ নৰসংহাৰক লৈ পুনৰ সৰৱ হ’ল আৰএছএছৰ মুৰব্বী মোহন ভাগৱত৷ পেহেলগামৰ হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণৰ দাবীত কেন্দ্রৰ ওপৰত চাপ সৃষ্টি কৰিলে ভাগৱতে৷ আৰএছএছপ্রধানগৰাকীয়ে কয় যে অহিংসা যিদৰে ভাৰতীয়সকলৰ স্বভাৱজাত, সেইদৰে আক্রমণকাৰীক শাস্তি দিয়াটোও চৰকাৰৰ কর্তব্য৷
আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে কয় যে ভাৰতে প্রতিৱেশী দেশক আক্রমণ নকৰে৷ কিন্তু কিছু ব্যক্তি তথা দেশৰ চৰিত্র সলনি নহয়৷ সমগ্র বিশ্বক তেওঁলোকে বিব্রত কৰে বুলি উল্লেখ কৰি ভাগৱতে কয় যে এই পৰিস্থিতিত ৰজাৰ কর্তব্য হৈছে নিজৰ সম্পত্তি ৰক্ষা কৰা৷ ইয়াৰ বাবেই আক্রমণকাৰীক হত্যা কৰাটোও চৰকাৰৰ কর্তব্য বুলি মন্তব্য কৰে ভাগৱতে৷
দুদিন পূর্বেও পেহেলগামৰ ঘটনাক লৈ সৰৱ হৈ মোহন ভাগৱতে কৈছিল যে এয়া ‘ধর্মযুদ্ধ’৷ কাৰণ আক্রমণকাৰীয়ে বাছি বাছি হিন্দু লোকসকলক হত্যা কৰিছে৷ এনে পৰিস্থিতিত সংখ্যাগুৰু হিন্দুসকল ঐক্যবদ্ধ হৈ ‘অধর্মী’ক পৰাভূত কৰিব লাগিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছিল মোহন ভাগৱতে৷