অক্সিজেন শেষ হওঁ হওঁ অৱস্থা, বিদ্যুৎ-জল সৰবৰাহ বন্ধ
বিশেষ বাৰ্তা,১ মাৰ্চঃ আৰু মাত্র ২৪ ঘণ্টা। তাৰ পাছতেই শেষ হ’ব ইউক্রেইনৰ সকলো হাস্পাতালৰ অক্সিজেন সৰবৰাহ। এই সতর্কবাণী দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। ইয়াৰ ফলত আন এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ’ব যুদ্ধবিধ্বস্ত দেশখনত। ফলত হাস্পাতালবোৰত গুৰুতৰ অৱস্থাত ভর্তি হোৱা হাজাৰ মানুহৰ প্রাণ সংশয়ৰ আশংকা আছে বুলি বার্তা দিছে হুৱে। হুৰ সঞ্চালক প্ৰধান টেড্রোছ ঘাব্রেয়েছাছ তথা ইউৰোপৰ আঞ্চলিক সঞ্চালক হান্স ক্লুগে যৌথ বিবৃতিত জনাইছে যে- ইউক্রেইনত অক্সিজেন সৰবৰাহক লৈ পৰিস্থিতি খুবেই উদ্বেগজনক।
বেছিভাগ হাস্পাতালতেই অহা ২৪ ঘণ্টাৰ ভিতৰত মজুত থকা অক্সিজেন শেষ হ’ব। কিছুমান হাস্পাতালত ইতিমধ্যেই অক্সিজেন শেষ হৈছে। হুৰ তথ্য অনুসৰি, বিগত এমাহ ধৰি ইউক্রেইনত ক’ভিড আক্রান্তৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়িছে। তাৰ উপৰি অন্যান্য দুৰাৰোগ্য ব্যাধি আছেই। ৰাছিয়াৰ আগ্রাসনত আহত হোৱা সেনা সদস্যসকলো হাস্পাতালত ভর্তি। বিগত ছদিন ধৰি ৰাছিয়াৰ আক্ৰমণত ইউক্রেইন বিপর্যস্ত। যুদ্ধৰ বাবে পথত নামিব পৰা নাই অক্সিজেন সৰবৰাহকাৰী ট্রাকবোৰো। মেডিকেল অক্সিজেন সৰবৰাহৰ সমস্ত পথ বন্ধ। ইপিনে, ইউক্রেইনৰ মেডিকেল অক্সিজেনৰ চাহিদাও আগৰ তুলনাত প্রায় ২৫ শতাংশ বাঢ়িছে। ইয়াৰ উপৰি বিদ্যুৎ আৰু জল সৰবৰাহ কমি যোৱাত মানুহ ব্যাপক সমস্যাৰ সম্মুখীন হৈছে। প্রায় ৫ লাখ মানুহে ইতিমধ্যেই ইউক্রেইন এৰিছে।