নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগছক ৰক্ষণাবেক্ষণ দিবলৈ নিয়োজিত হৈছে নিৰাপত্তাৰক্ষী…

নিয়মীয়া বাৰ্তা ১৮ জুনঃ বতৰৰ খাদ্য আম। বৰ্তমান বজাৰত উপলব্ধ হৈছে আম। আমৰ দাম সাধাৰণতে উচিত মূল্যত ক্ৰয় কৰে গ্ৰাহকে। আমৰ দামো আছে লাখৰ ঘৰত।   এক কিলো আমৰ দাম ২ লাখ ৭০ হাজাৰ টকা। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে।

হিন্দুস্তান টাইমচৰ মতে মধ্যপ্ৰদেশৰ জবলপুৰৰ সংকল্প পৰিহাৰে ৰেলৰ যোগেদি চেন্নাই যাওঁতে এই বিশেষ আমৰ গছ বিধ দেখা পাইছিল। ই অন্য আমতকৈ বেলেগ ধৰণৰ আছিল। তাৰ পিছতেই সংকল্পই নিজৰ ঘৰত সেই আমৰ খেতি কৰিছিল। ব্যক্তিজনে নিজৰ মাক দামনিৰ নামেৰে আমবিধৰ নাম ৰাখিছিল। পিছত ব্যক্তিজনে গম পালে আমৰ প্ৰকাৰটোৰ নাম miyazaki। ই বিশ্বৰ ভিতৰেই সৰ্বাধিক দামৰ মূল্যৰ আম। জাপানৰ সংবাদ মাধ্যমৰ মতে বিশ্বৰ বজাৰত আমৰ মূল্য ২.৭০ লাখ টকা।

দুৰ্লভ প্ৰজাতিৰ আম গছ কেইজোপাক এতিয়া পহৰা দিবলৈ সংকল্প পৰিহাৰে বিশেষ ব্যৱস্থা হাতত লৈছে। নিয়োজিত কৰা হৈছে নিৰাপত্তা ৰক্ষী। আম বিধক সুৰক্ষিত ভাবে পহৰা চাৰি জন সুৰক্ষা কৰ্মী দিব ৬ টা কুকুৰে। উল্লেখ্য বিগত বৰ্ষত চোৰে আম চোৰ কৰিছিল যাৰ পৰিপেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংকল্প পৰিহাৰে।

You might also like