নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: ভাৰতৰ লগতে এছিয়াৰ এক নম্বৰ ধর্ণাঢ্য ব্যক্তি ৰিলায়েন্স ইণ্ডাষ্ট্রিজ লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ আম্বানী ১০০ বিলিয়ন মার্কিন ডলাৰৰ ক্লাবত অন্তর্ভুক্ত হ’ল৷ বিশ্বৰ ধর্নাঢ্য ব্যক্তি জেফ বেজছ–এলন মাক্সৰ লগতে ১০০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী ব্যক্তিৰ শাৰীত ৰিলায়েন্স স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
ব্লুমবার্গ বিলিয়নার্ছ ইনডেস্কে প্রকাশ কৰা অনুসৰি চলিত বর্ষত ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ২৩.৮ বিলিয়ন মার্কিন ডলাৰ বৃদ্ধি পাইছে৷ ইয়াকে লৈ মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০০.৬ বিলিয়ন মার্কিন ডলাৰ৷ ৬৪ বছৰীয়া মুকেশ আম্বানীয়ে তেওঁৰ পিতৃ ধীৰুভাই আম্বানীৰ সাম্রাজ্য ২০০৫ চনত নিজৰ হাতলৈ অনাৰ পাছতে মুকেশ আম্বানীয়ে তেল শোধনাগাৰ আৰু পেট্র’ কেমিকেল ব্যৱসায়ক প্রসাৰণ ঘটাই শক্তি প্রযুক্তি, ই–কর্মাচ, ম’বাইল নেট ৱর্ক আদিৰ সাম্রাজ্য গঢ়ি তোলে৷
সম্প্রতি ভাৰতৰ বজাৰত আম্বানীৰ টেলিকমিউনিকেচন ব্যৱসায়ে আধিপত্য বিস্তাৰ কৰি আছে৷ বিগত বর্ষত ৰিটেল আৰু প্রযুক্তি ব্যৱসায়ত ২৭ বিলিয়ন মার্কিন ডলাৰ উপার্জন বৃদ্ধি কৰিবলৈ সক্ষম হয়৷
লক্ষণীয় যে ৰিলায়েন্সৰ স্বত্বাধিকাৰী মুকেশ আম্বানী হৈছে ১০০ বিলিয়ন মার্কিন ডলাৰ ক্লাবত অন্তর্ভুক্ত হোৱা একাদশ ব্যক্তি৷ ১০০ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তিৰ গৰাকী আন ১০গৰাকী হৈছে এলন মাক্স, জেফ বেজছ, বার্ণাড আর্নল্ট, বিল গেটছ, লেৰি পেজ, মার্ক জুকেৰবার্গ, ছার্গে ব্রিন, লেৰি এলিচন, ষ্টিফ বালিমাৰ আৰু ৱাৰেণ্ট বাফেট৷