নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলিক কটাক্ষ বিধায়ক ড৹ ৰফিকুল ইছলামৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: জনসাধাৰণক বিনামূলীয়া ভেকচিন প্ৰদানৰ কাৰণে পেট্ৰ’লৰ দাম বাঢ়িছে বুলি ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে প্ৰদান কৰা মন্তব্যক উভতি ধৰিছে জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামে। পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলি অন্ধ, নিলজ্জ, জনতাৰ বেদনা কানেৰে নুশুনাৰ কাৰণে আৰু জ্ঞান নথকাৰ কাৰণে তেনেকুৱা মন্তব্য কৰিব পাৰিছে বুলিও বিধায়কগৰাকীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ভেকচিনৰ কাৰণে ৩০ শতাংশ দৰমহা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কিয়াৰ ফাণ্ডত জমা কৰাৰ কথা কয় বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী কিয়াৰ ফাণ্ডত কোটি কোটি টকা জমা থকাৰ সময়ত মন্ত্ৰী তেলিৰ কথা দূৰ্ভাগ্যজনক। সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ কাৰণে বিধায়ক শ্বেৰমান আলী আহমেদক জেলত ভৰাই থোৱাৰ কথা উল্লেখ কৰে। বিজেপি দলৰ মন্ত্ৰী বিধায়কসকলে দৈনিক সাম্প্ৰদায়িক মন্তব্য দি আহিছে কিন্তু মুখ্যমন্ত্ৰীয়ে কোনোধৰণৰ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে।

Input: মফিদুল ইছলাম, কলগাছিয়া  

You might also like