নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত কাৰাটে বেল্ট পৰীক্ষা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: আজি নাৰায়ণপুৰস্থিত মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাৰায়ণপুৰ কাৰাটে-দো একাডেমীৰ উদ্যোগত লক্ষীমপুৰ জিলা চটকান কাৰাটে-দো কামিনজুকু এশ্বচিয়েশ্বনৰ প্ৰশিক্ষাৰ্থীসকলৰ কিউ বেল্ট পৰীক্ষা সম্পন্ন হয়৷

ক’ৰোনা মহামাৰীৰ বাবে দুটা বছৰে জিলাখনৰ প্ৰশিক্ষাৰ্থীসকলৰ বেল্ট পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ৷ ক্লাৱ, সন্থা আৰু একাডেমী আদিত জিলা খনত বিভিন্ন স্থানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীৰ এই বেল্ট পৰীক্ষা সম্পন্ন কৰা হয় ৷ দুটা বছৰে কভিড সৃষ্ট পৰিস্থিতি বাবে সমৰকলা শিক্ষা গ্ৰহণত ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ থাকিব লগা হোৱাত বহু খিনি পিছ পৰি ৰোৱা বুলি বিভিন্ন গৰাকী প্ৰশিক্ষাৰ্থীয়ে জানিবলৈ দিয়ে ৷ বহুজনে একে লগে দুটা বেল্টৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা হৈছে৷

দীৰ্ঘদিনৰ পাছত ছাত্ৰ ছাত্ৰীসকলে সমৰকলাৰ ক্ষেত্ৰখনত আন এক সফলতা অৰ্জন কৰিবলৈ সুবিধা লাভ কৰাত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হোৱা চমু সভাত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাৰ লগতে বেল্ট প্ৰদান কৰা হয় ৷ নাৰায়ণপুৰ কাৰাটে দো একাডেমীৰ হৈ প্ৰশিক্ষক ক্ৰমে উম্ফা চাৰিঙ্গিয়া, মহানন্দ দেউৰী, প্ৰিয়া দেউৰী আৰু উদোক্তা জোনালী হাজৰিকা অনুষ্ঠান উপস্থিত থাকে ৷

Input: চন্দন শইকীয়া, ভোগপুৰ

You might also like