নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ লাখটকীয়া হেলমেটেৰে মুম্বাইত ক’ৰোনা পৰীক্ষণ

কম সময়তে স্ক্রীনিং–চিনাক্ত হয় ৰোগী

নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু মৃত্যু ঘটা মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাইত ক’ভিড–১৯ স্ক্রীনিং আৰু ৰোগীক কম সময়তে চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰি আছে ৬ লাখটকীয়া স্মার্ট হেলমেটছ৷ মহামাৰী ক’ভিড–১৯ত আক্রান্ত সন্দেহজনক ব্যক্তিক এই অত্যাধুনিক প্রযুক্তিৰ হেলমেটটোৰে স্ক্রীনিং কৰি মহামাৰী ভাইৰাছত আক্রান্ত হৈছে নে নাই, তাক অতি কম সময়ৰ ভিতৰতে নিশ্চিত হ’ব পাৰি৷ মহাৰাষ্ট্র চৰকাৰে এনেধৰণৰ হেলমেট মুম্বাই আৰু পুনেৰ স্বাস্থ্যকর্মীসকলক ব্যৱহাৰ কৰিবলৈ দিছে৷ উল্লেখ্য যে ডুবাই, ইটালী আৰু চীনত স্বাস্থ্যকর্মীসকলে এনে প’র্টেবল থার্মো স্কেনাৰ থকা হেলমেটৰ জৰিয়তে মিনিটৰ ভিতৰতে ডজনৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ সক্ষম হৈছে৷ ঘনবসতিপূর্ণ মুম্বাই আৰু পুনেতো এই হেলমেট ব্যৱহাৰ কৰি ক’ভিড–১৯ত আক্রান্তক চিনাক্ত কৰাৰ পদক্ষেপ লোৱা হৈছে৷ এই হেলমেটৰ জৰিয়তে আঢ়ৈ ঘণ্টাৰ ভিতৰতে ৬ হাজাৰ লোকৰ স্ক্রীনিং কৰিব পাৰি৷

You might also like