নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ নাইট ক্লাবত আৰক্ষীৰ অভিযানঃ সুৰেশ ৰাইনা, গুৰু ৰংধাৱা সহ কেইবাজনো আটক

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ক’ৰোনাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাকে ধৰি কেইবাজনো চেলিব্ৰেটিক আটক কৰিছে আৰক্ষীয়ে। মুম্বাইৰ এটা ক্লাবত পাৰ্টি কৰাৰ অভিযোগত প্ৰায় ৩৪ জন লোকক আটক কৰা হৈছে।

তথ্য অনুসৰি, আটক কৰা ৩৪ জন লোকৰ ভিতৰত আছে ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গায়ক গুৰু ৰাংধাৱাৰ লগতে আন কেইবাজনো। অৱশ্যে, সুৰেশ ৰাইনা আৰু গুৰু ৰাংধাৱাই পিছত জামিন লাভ কৰে। ইয়াৰ উপৰিও, কেইবাগৰাকীও মহিলাক আটক কৰা হৈছিল। কিন্তু আৰক্ষীয়ে তেওঁলোকৰ বিষয়ে কোনো তথ্য দাঙি ধৰা নাই।

IPC ৰ ধাৰা 188-ৰ অধীনত গোচৰ ৰুজুঃ

মুম্বাই আৰক্ষীৰ সূত্ৰই জনোৱা মতে, সুৰেশ ৰাইনাৰ বাহিৰে বাকী তাৰকাসকলে ক্লাবটোৰ পিছফালৰ পৰা পলাই যায়। ইতিমধ্যে সুৰেশ ৰাইনাকে ধৰি এই তাৰকাসকলৰ ওপৰত আই পি চিৰ ১৮৮, ২৬৯ আৰু ৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে মুম্বাইত এতিয়াও লকডাউনৰ নিয়ম চলি আছে। ইয়াৰ অধীনত নিশা ১১ বজাৰ পাছত যিকোনো পাৰ্টি বা ৰাজহুৱা অনুষ্ঠান আয়োজন কৰাত নিষেধ আছিল।

You might also like