🔹 ভাষা বিতর্কত উত্তপ্ত মুম্বাই
নিউজ ডেস্ক, ৬ এপ্রিল : মহাৰাষ্ট্রত ভাষা বিতর্কই তীব্র ৰূপ ধাৰণ কৰিছে৷ মাৰাঠা পৰিচয়ক আগবঢ়াই নিবলৈ দৃঢ় প্রতিজ্ঞাবদ্ধ মহাৰাষ্ট্র নির্মাণ সমিতি, চমুকৈ এমএনএছে সতর্কবাণী জাৰি কৰি কয় যে মহাৰাষ্ট্রত থাকিলে মাৰাঠী ভাষা ক’বই লাগিব৷ মাৰাঠী ক’ব নিবিচৰাসকলে মহাৰাষ্ট্র ত্যাগ কৰক৷ এমএনএছৰ মুম্বাইৰ সভাপতি সন্দীপ দেশপাণ্ডেই কয়- মহাৰাষ্ট্রত থাকি যিসকলে মাৰাঠী ভাষা ক’ব নিবিচাৰে, তেওঁলোকক মাৰাঠীৰ দেশদ্রোহী হিচাপে বিবেচিত কৰা হ’ব৷ তেনে লোকসকলে ৰাজ্যখন ত্যাগ কৰা উচিত৷ সামাজিক মাধ্যমত দেশপাণ্ডেই কয় যে মহাৰাষ্ট্রত থাকি মাৰাঠী ভাষা নক’লে তেওঁলোকক দেশদ্রোহী হিচাপে বিবেচনা কৰা হ’ব৷ এনেক্ষেত্রত তেনে লোকসকলে শীঘ্রেই ৰাজ্যখন ত্যাগ কৰা উচিত৷ উল্লেখ্য যে শুকুৰবাৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছে মাৰাঠী ভাষা ৰাজ্যখনত ব্যৱহাৰ কৰাৰ বাবে বাধ্যতামূলক কৰাটো ভুল নহয় বুলি উল্লেখ কৰিছিল৷ অৱশ্যে এনে ক্ষেত্রত আইন হাতত তুলি নল’বলৈও মুখ্যমন্ত্রীগৰাকীয়ে সকীয়াই দিছিল৷