নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ মহাৰাষ্ট্রৰ থানে জিলাৰ ভিৱান্দিত আজি পুৱাৰ ভাগত তিনি মহলীয়া এটা প্রাসাদ খহি পৰাৰ ফলত ৮টা শিশুসহ ১০গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ২০গৰাকী লোক প্রাসাদটোৰ ধ্বংসস্তূপত আবদ্ধ হৈ থকা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ ভিৱান্দি পৌৰ নিগমৰ তৰফৰ পৰা এই প্রাসাদটো খালী কৰাৰ বাবে দুবাৰকৈ জাননী জাৰি কৰিছিল৷ বসবাসৰ অনুপযোগী হৈ পৰা বুলি পৌৰ নিগমৰ তৰফৰ পৰা বাৰে বাৰে সতর্কবাণী দিয়া হৈছিল যদিও বিপজ্জনক অৱস্থাতেই প্রাসাদটোত বাস কৰি আছিল বহু পৰিয়াল৷ প্রাসাদটো খহি ১০জনকৈ লোকে প্রাণ হেৰুওৱা ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মোদীয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে ভিৱান্দিৰ প্রাসাদ ধ্বংসৰ ঘটনাটোত অতিকৈ মর্মাহত৷ এই দুর্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ধ্বংসস্তূপত কেইবাটাও বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷