নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রীনলেণ্ড–এণ্টার্কটিকাই কঢ়িয়াইছে বিপর্যয়

নাছাৰ অধ্যয়নৰ তথ্যঃ অভাৱনীয় হাৰত বৃদ্ধি মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ   গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহতাক এতিয়াও কোনো দেশে প্রকৃতার্থত উপলব্ধি কৰা নাই৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৰফীয় আচ্ছাদন অভাৱনীয় হাৰত গলি আছে৷ যদি গ্রীনহাউছ গেছ নির্গমনৰ ক্ষেত্রত বিশ্বৰ দেশসমূহে বিশেষ গুৰুত্ব আৰোপ কৰি ইয়াক হ্রাস কৰাৰ ব্যৱস্থা গ্রহণ নকৰে, তেন্তে ২১০০ চনৰ ভিতৰত গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ গোলকীয় আচ্ছাদন গলি সমুদ্রৰ উচ্চতা ৩৮ চেণ্টিমিটাৰ বৃদ্ধি কৰিব৷ অর্থাৎ গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৰফীয় আচ্ছাদন গলনৰ ফলত মহাসাগৰলৈ নামি আহিব বিপর্যয়৷ সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি মানেই বিভিন্ন প্রাকৃতিক পৰিঘটনাই প্রাণীকুললৈ নমাই আনিব বিপর্যয়৷ ইতিমধ্যে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মহাসাগৰত সৃষ্টি হোৱা এল নিন’ৰ বাবে বিভিন্ন দেশত অনাবৃষ্টি বা অতিবৃষ্টিৰ ভয়াৱহতা আহি পৰিছে৷ এল নিন’ৰ ফলতেই সামুদ্রিক ধুমুহাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ নাছাৰ অধ্যয়ন অনুসৰি গ্রীনহাউছ গেছ নির্গমন হ্রাসৰ ক্ষেত্রত পৃথিৱীবাসীয়ে তাৎক্ষণিকভাৱে গুৰুত্ব প্রদান নকৰিলে চলিত শতিকাটোৰ শেষভাগলৈ জীৱকুল মহাসংকটৰ সন্মুখীন হ’ব৷ বিভিন্ন প্রাকৃতিক দুর্যোগে জীৱকুললৈ নমাই আনিব প্রত্যাহ্বান৷ গতিকে এই মুহূর্তত গোলকীয় উষ্ণতা বৃদ্ধি প্রতিখন দেশৰ বাবে প্রাধান্যৰ বিষয় হোৱা উচিত বুলি নাছাই উল্লেখ কৰিছে৷

You might also like