নাড্ডাক আক্রমণঃ পশ্চিমবংগৰ তিনি আইপিএছ বিষয়াক চমন কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ পশ্চিমবংগ ভ্রমণৰ সময়ত ডাইমণ্ড হাৰবাৰত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক আক্রমণৰ ঘটনাত নিৰাপত্তাৰ ক্ষেত্রত গাফিলতি কৰাৰ বাবে তিনি আই পি এছ বিষয়াক চমন জাৰি কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ গৃহ মন্ত্রালয়ে বিবৃতিত প্রকাশ কৰা মতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাৰ কনভয়ৰ আক্রমণত নিৰাপত্তাৰ আসোঁৱাহৰ বাবে তিনি আই পি এছ বিষয়াক দায়বদ্ধ কৰি বিষয়া তিনিগৰাকীক কেন্দ্রৰ ডেপুটেচনত চমন দিছে৷ এই বিষয়া তিনিগৰাকী ডাইমণ্ড হাৰবাৰৰ আৰক্ষী অধীক্ষক ভোলানাথ পাণ্ডে, দক্ষিণবংগৰ এ ডি জি ৰাজীৱ মিশ্র আৰু প্রেছডেন্সী ৰেঞ্জৰ ডি আই জি প্রবীণ ত্রিপাঠী৷ এই সন্দর্ভত ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রালয়ে পশ্চিমবংগ চৰকাৰক অৱগত কৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই শাসকীয় তৃণমূল চৰকাৰ ক্ষুণ্ণ হৈছে৷