নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : আগন্তুক বর্ষৰ ফেব্রুৱাৰী মাহত বিজেপিৰ ৰাষ্ট্রীয় সভাপতিৰ দায়িত্ব ত্যাগ কৰিব জে পি নাড্ডাই৷ নাড্ডাৰ স্থানত মোদী মন্ত্রীসভাৰ কোনো জ্যেষ্ঠ নেতা অথবা দলৰ সাধাৰণ সম্পাদকসকলৰ কোনো এজনক অধিষ্ঠিত কৰা হ’ব বুলি গেৰুৱা শিবিৰৰ সূত্রই সদৰী কৰিছে৷ দলৰ এগৰাকী শীর্ষ নেতাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সদস্যপদ গ্রহণৰ লগতে বিভিন্ন ৰাজ্যৰ নিম্নস্তৰত অর্থাৎ মণ্ডল পর্যায়ত নির্বাচন আৰম্ভ হৈছে৷ জানুৱাৰী মাহৰ ভিতৰত বিজেপিৰ সাংগঠনিক পর্যায়ত নির্বাচন সম্পূর্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে৷ দলৰ সংবিধান অনুসৰি ৰাষ্ট্রীয় সভাপতি নির্বাচনৰ পূর্বে ৰাজ্যিক পর্যায়ত নির্বাচন শেষ কৰিব লাগিব৷ ফেব্রুৱাৰী মাহত ৰাষ্ট্রীয় সভাপতি নির্বাচনৰ চূড়ান্ত সময়সীমা নির্ধাৰণ কৰিছে দলে৷ গতিকে জানুৱাৰীৰ ভিতৰত বিজেপিৰ সাংগঠনিক পর্যায়ৰ সকলো নির্বাচন সম্পূর্ণ কৰা হ’ব বুলি দলীয় সূত্রই সদৰী কৰিছে৷