🔹 ভাৰতৰ সর্বকনিষ্ঠ কোটিপতি হিচাপে চর্চালৈ একাগ্র ৰোহন
নিউজ ডেস্ক, ১৯ এপ্রিল : যোৱা মার্চ মাহত শেষ হৈছে ২০২৫ চনৰ বিত্তীয় বর্ষ৷ বিত্তীয় বর্ষ শেষ হোৱাৰ সময়তে ভাৰতৰ সর্বকনিষ্ঠ কোটিপতি হিচাপে চর্চালৈ আহিছে একাগ্র ৰোহন মূর্তিৰ নাম৷ মাত্র ১৭ মাহ বয়সতে কোটি টকাৰ মালিক হৈ পৰিছে ৰোহন৷ একাগ্র ৰোহন মূর্তি ইনফ’ছিছৰ সহ–প্রতিষ্ঠাতা নাৰায়ণ মূর্তি আৰু ৰাজ্যসভাৰ সাংসদ সুধা মূর্তিৰ নাতি৷ ২০২৩ চনৰ নৱেম্বৰ মাহত বেংগালুৰুত ৰোহন মূর্তি আৰু অর্পণা কৃষ্ণনৰ পুত্র একাগ্র ৰোহন মূর্তিৰ জন্ম হয়৷ একাগ্র বর্তমান ইনফ’ছিছৰ ১৫ লাখ শ্বেয়াৰৰ মালিক৷ তথ্য–প্রযুক্তি কোম্পানীটোৰ এয়া ০.০৪ শতাংশ মালিকানা৷ ২০২৪ চনৰ মার্চ মাহত এই শ্বেয়াৰ একাগ্রক উপহাৰ হিচাপে দিছিল ককাক নাৰায়ণ মূর্তিয়ে৷ সেই সময়ত এই শ্বেয়াৰবোৰৰ বজাৰ মূল্য আছিল ২৪০ কোটি টকা৷ পৰহি ইনফ’ছিছে তেওঁলোকৰ শ্বেয়াৰেপতি ২২ টকা লভ্যাংশ ঘোষণা কৰিছে৷ এই হিচাপে একাগ্রৰ ১৫ লাখ শ্বেয়াৰৰ লভ্যাংশ হৈছে ৩.৩ কোটি টকা৷ আনফালে বিত্তীয় বর্ষৰ নিৰিখত একাগ্রৰ শ্বেয়াৰৰ লভ্যাংশৰ পৰিমাণ হৈছে ১০.৬৫ কোটি টকা৷ অৱশ্যে বছৰৰ আৰম্ভণিতে সেই ৭.৩৫ কোটি টকা লাভ কৰিছিল কোম্পানীৰ তৰফৰ পৰা৷ সেই সময়ত প্রত্যেক শ্বেয়াৰৰ মূল্য আছিল ৪৯ টকা৷ স্মর্তব্য যে ইনফ’ছিছৰ সহ–প্রতিষ্ঠাতা নাৰায়ণ মূর্তিয়ে বিভিন্ন সময়ত কর্মীক সপ্তাহত ৭০ ঘণ্টাকৈ কাম কৰাৰ আহ্বান জনাই আহিছে৷ নাৰায়ণ মূর্তিৰ এই আহ্বানক লৈ ভাৰতত সৃষ্টি হৈছে তীব্র বিতর্কৰ৷ আনকি বিশিষ্ট চিকিৎসকসকলে ৭০ ঘণ্টা সপ্তাহত কাম কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক বুলি যুক্তি দর্শাইছে৷ বিশেষকৈ উচ্চ ৰক্তচাপ, হূদৰোগ আৰু স্পণ্ডেলাইটিছৰ দৰে বিভিন্ন ৰোগত কর্মীসকল আক্রান্ত হ’ব পাৰে বুলি যুক্তি দর্শাইছে চিকিৎসকসকলে৷ কিন্তু নাৰায়ণ মূর্তিয়ে এই সকলো যুক্তিক অগ্রাহ্য কৰি কর্মীসকলে কঠোৰ পৰিশ্রম কৰিলে উন্নতিৰ জখলাত বগাব পাৰিব বুলি দাবী কৰিছে৷