নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় সমিতিয়ে চলিত বৰ্ষত ধুমুহা, বান আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ৬ খন ৰাজ্যলৈ আৰ্থিক সহায়ৰ অনুমোদন জনাইছে। এই ৬ ৰাজ্য- পশ্চিম বংগ, উৰিষ্যা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্যপ্ৰদেশ আৰু ছিকিমলৈ কেন্দ্ৰৰ অতিৰিক্ত সাহাৰ্য হিচাপে প্ৰায় ৪,৩৮২ কোটি টকা মুকলিৰ বাবে অনুমোদন জনাইছে ।
ইয়াৰ ভিতৰত সাগৰীয় ধুমুহা ‘আম্ফান’ৰ বাবে পশ্চিমবংগক ২,৭০৭.৭৭ কোটি টকা আৰু উৰিষ্যাৰ বাবে ১২৮.২৩ কোটি টকা অনুমোদন জনাইছে ৷
আনহাতে সাগৰীয় ধুমুহা নিসৰ্গই কৰা ক্ষতিৰ বাবে মহাৰাষ্ট্ৰলৈ ২৬৮.৫৯ কোটি টকা অনুমোদন জনাইছে ।
একেদৰে দক্ষিণ-পশ্চিম মৌচুমীৰ সময়ত হোৱা বান আৰু ভূমিস্খলনৰ বাবে কৰ্ণাটকক ৫৭৭.৮৪ কোটি টকা, মধ্য প্ৰদেশৰ বাবে ৬১১.৬১ কোটি টকা আৰু ছিকিমৰ বাবে ৮৭.৮৪ কোটি টকা অনুমোদন জনোৱা হৈছে ।
উল্লেখ্য যে ‘আম্ফান’ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ২২ মে’ত পশ্চিমবংগ আৰু উৰিষ্যাৰ প্ৰভাৱিত ৰাজ্যসমূহ ভ্ৰমণ কৰিছিল, য’ত প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা দুয়োখন ৰাজ্যলৈ জৰুৰীকালীন সাহাৰ্য হিচাপে পশ্চিমবংগক ১,০০০ কোটি টকা আৰু উৰিষ্যাৰ বাবে ৫০০ কোটি টকাৰ আৰ্থিক সহাৰ্য আগবঢ়োৱা হৈছিল ।