নিয়মীয়া বাৰ্তা, ১৪ জুলাই: পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে সংঘাতত লিপ্ত জ্যেষ্ঠ কংগ্রেছ নেতা নৱজ্যোৎ সিং সিদ্ধুৱে কংগ্রেছ এৰাৰ ইংগিত দিছে৷ প্রত্যক্ষভাৱে প্রকাশ নকৰিলেও জ্যেষ্ঠ নেতা সিদ্ধুৱে আম আদমী পার্টীত যোগদানৰ ইংগিতো মঙলবাৰে টুইটযোগে প্রকাশ কৰিছে৷
দিল্লীত কংগ্রেছৰ শীর্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতো মুখ্যমন্ত্রীৰ সৈতে সংঘাতৰ সু–মীমাংসা নোহোৱাত বিদ্রোহী সিদ্ধুৱে কংগ্রেছ এৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ ইংগিত দিছে৷ টুইটযোগে সিদ্ধুৱে পঞ্জাবৰ বিৰোধী দল আপক ভূয়সী প্রশাংসা কৰে৷
২০১৭ চনৰ নির্বাচনৰ পূর্বে আম আদমী পার্টীয়ে পঞ্জাবত যিধৰণৰ দৃষ্টিভংগী আৰু কাম কৰিছিল তাক প্রশংসা কৰে সিদ্ধুৱে৷ আপক প্রশংসা কৰি সিদ্ধুৱে প্রৰোক্ষভাৱে দলটোৰ প্রতি আগ্রহ দেখুওৱাত দলটোত যোগদান কৰাৰ ব্যাপক চর্চা চলিছে৷