নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ত ভাৰতত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই: বিশ্ব বেডমিণ্টন ফেডাৰেচনে ২০২৬ত ভাৰতক বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজনৰ দায়িত্ব অর্পণ কৰিছে৷ বিশ্ব বেডমিণ্টনৰ সর্বোচ্চ সংস্থাটোৱে মঙলবাৰে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে৷ ইয়াৰ পূর্বে ভাৰতে ২০০৯ত সফলতাৰে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিছিল৷ তেতিয়াৰে পৰা ভাৰতে থমাছ আৰু উবেৰ কাপ ফাইনেলছ, এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপ, বি ডব্লিউ এফ ছুপাৰ ৫০০ ইভেণ্ট আদিৰ দৰে আগশাৰীৰ প্রতিযোগিতা আয়োজন কৰিছে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজনৰ দায়িত্ব পোৱা নাছিল৷

ইফালে, ভাৰতে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজনৰ দায়িত্ব লাভ কৰাটো ভাৰতীয় বেডমিণ্টন সন্থাৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰিছে সভাপতি ড০ হিমন্ত বিশ্ব শর্মাই৷ আগশাৰীৰ প্রতিযোগিতাখনে ভাৰতক বিশ্ব বেডমিণ্টনৰ ছুপাৰ পাৱাৰ হোৱাত সহায় কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷

ড০ শর্মাই লগতে কয় যে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপে দেশৰ যুৱ প্রজন্মক অনুপ্রাণিত কৰাৰ সমান্তৰালকৈ সমগ্র দেশত বেডমিণ্টনৰ প্রসাৰ আৰু বিকাশত অভূতপূর্বভাৱে সহায় কৰিব৷

You might also like