নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ সমীপতে চীনে চলাব দ্রুতবেগী ৰে’ল

তিব্বতৰ দুই চহৰৰ মাজত ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথ নির্মাণ

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ অৰুণাচলৰ সমীপতে চীনে আৰম্ভ কৰিবলৈ আগবাঢ়িছে দ্রুতগামী ৰে’লৰ সেৱা৷ তিব্বতৰ ৰাজধানী চহৰ লাছাৰ পৰা অৰুণাচল প্রদেশৰ সীমান্তৱর্তী নিংচিলৈ ইতিমধ্যে নির্মাণ কৰি উলিওৱা হৈছে ৪৩৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথ৷ দুয়োখন তিব্বতী চহৰৰ মাজত ৰে’ল সেৱা আৰম্ভ কৰিবলৈ ২০১৪ চনতেই পথৰ নির্মাণকার্য আৰম্ভ কৰিছিল চীনে৷ চীনৰ চৰকাৰী ৰে’লৱে কোম্পানীৰ অধ্যক্ষ লু ডংফুৱে সংসদত আজি এই কথা সদৰী কৰিছে৷ আগন্তুক জুন মাহৰ শেষলৈ দ্রুতগামী ৰে’লৰ চলাচল আৰম্ভ হ’ব অৰুণাচলৰ সমীপৱর্তী এই অঞ্চলত৷ ইফালে, চীনে অৰুণাচলৰ সমীপৱর্তী অঞ্চলত ৰে’লপথ নির্মাণ কৰা বিষয়টোক নজৰত ৰাখিছে ভাৰতে৷ অৱশ্যে তাৎক্ষণিকভাৱে নতুন দিল্লী প্রশাসনে বিষয়টো সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

তিব্বত স্বায়ত্তশাসিত অঞ্চলত এয়া হ’ব প্রথমটো বৈদ্যুতিকভাৱে ৰে’ল চলাচল কৰা পথ৷ স্মর্তব্য যে নতুন এই দ্রুতগামী ৰে’ল চলাচলৰ পথ মুকলিৰ বাবে দীর্ঘদিনীয়া চিন্তা–চর্চা চলাইছিল চীনে৷ বিশেষকৈ তিব্বত স্বায়ত্তশাসিত অঞ্চললৈ চীনৰ মূল ভূখণ্ডৰ পৰা ৰে’ল যোগাযোগ সম্প্রসাৰণ কৰাৰ দীর্ঘদিনীয়া উদ্দেশ্য আছে বেইজিং প্রশাসনৰ৷ এই উদ্দেশ্যৰ অংশ হিচাপেই আগন্তুক জুন মাহত আৰম্ভ কৰা হ’ব দ্রুতগামী ৰে’লৰ চলাচল৷ উল্লেখ্য যে তিব্বতৰ নিংচি চহৰ হৈছে অৰুণাচলৰ সীমান্তৰ নিচেই ওচৰতে থকা এক স্পর্শকাতৰ অঞ্চল৷ অৰুণাচল সীমান্তৰ পৰা নিংচিলৈ দূৰত্ব ৫০ কিলোমিটাৰতকৈও কম৷ প্রসংগক্রমে উল্লেখ কৰা প্রয়োজন যে চীনে অৰুণাচল দক্ষিণ তিব্বতৰ অংশ বুলি দীর্ঘদিন ধৰি দাবী কৰি অহা বিষয়ক লৈ প্রতিৱেশী দেশ দুখনৰ মাজত চলি আছে মতানৈক্য৷

You might also like