প্রতিৱেশী দেশলৈ ভাৰতৰ ‘ভেকচিন মৈত্রী’ অভিযান আৰম্ভ
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ ভাৰতে প্রস্তুত কৰা ক’ভিশ্বিল্ড ভেকচিন বিভিন্ন দেশলৈ প্রেৰণৰ ব্যৱস্থা কৰা হৈছিল৷ ইতিমধ্যে ভাৰত মহাসাগৰীয় ৰাষ্ট্র মালদ্বীপে লাভ কৰিছে এক লাখ ড’জ ক’ভিড ভেকচিন৷ বাংলাদেশলৈও ভাৰতে প্রেৰণ কৰিছে এই ভেকচিন৷ ভূটানে আজি লাভ কৰিছে ক’ভিশ্বিল্ড ভেকচিনৰ ডেৰ লাখ ড’জ৷ বিদেশমন্ত্রী এছ জয়শংকৰে উল্লেখ কৰিছে যে ভাৰতৰ ‘ভেকচিন মৈত্রী’ অভিযান আৰম্ভ হৈছে৷ প্রতিৱেশীক ভেকচিন যোগান ধৰাটো ভাৰতৰ মানৱীয় কর্তব্য বুলিও উল্লেখ কৰিছে জয়শংকৰে৷ লক্ষণীয়ভাৱে ক’ভিড ভেকচিন লৈয়ে শেহতীয়াকৈ নেপাল আৰু ভাৰতৰ মাজত গঢ়ি উঠিছে মৈত্রীৰ সম্পর্ক৷ নেপালৰ স্বাস্থ্য মন্ত্রী হূদায়েশ ত্রিপাঠীয়ে উল্লেখ কৰিছে যে ভাৰতে দেশখনক ভেকচিন যোগান ধৰাৰ সিদ্ধান্ত লৈ মৈত্রীৰ নতুন যুগৰ সূচনা কৰিছে৷