নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি ৰূপে জ’ বাইডেনৰ শপত

বাইডেনৰ প্রথমটো ভাষণ প্রস্তুত কৰিলে ভাৰতীয় বংশোদ্ভৱ বিনয় ৰেড্ডীয়ে

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্রৰ শাসনৰ বাঘজৰী সলনি হ’ল৷ অভাৱনীয় নিৰাপত্তা বেষ্টনীৰ মাজত আমেৰিকা যুক্তৰাষ্ট্রৰ ৪৬সংখ্যক ৰাষ্ট্রপতি হিচাপে শপত ল’লে জ’ বাইডেনে৷ বিশ্বৰ সবাতোকৈ পুৰণি গণতান্ত্রিক দেশখনৰ কেপিটল হিলৰ ৱাশ্বিংটন ডিচিত আমেৰিকাৰ বয়োজ্যেষ্ঠ ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনক শপতবাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰ’বার্টছে৷ ৰাষ্ট্রপতি নির্বাচনক লৈ ড’নাল্ড ট্রাম্পৰ বিতর্কিত পদক্ষেপৰ বাবে নির্ধাৰিত ২০ জানুৱাৰীত দেশৰ ৰাষ্ট্রপতি হিচাপে বাইডেনে শপতগ্রহণ কৰিব পাৰিব নে নোৱাৰিব তাক লৈ চলি থকা শংকা আৰু উৎকণ্ঠাৰো আজি অৱসান ঘটিল৷ ৭৮ বছৰীয়া ডেম’ক্রেট বাইডেনে ৰাষ্ট্রপতি হিচাপে শপত লোৱাৰ পূর্বে দেশখনৰ প্রথম মহিলা উপ–ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছে৷ ভাৰতীয় বংশোদ্ভৱ হেৰিছে দেশৰ ৪৯সংখ্যক উপ–ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ প্রশাসকে৷ উপ–ৰাষ্ট্রপতি হিচাপে কমলা হেৰিছে শপত লোৱাৰ পূর্বে বিশ্বখ্যাত গায়িকা লেডী গাগাই আমেৰিকাৰ ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰে৷ ইয়াৰ পাছতেই শিল্পী জেনিফাৰ ল’পেজে সংগীত পৰিৱেশন কৰাৰ পাছতে ৰাষ্ট্রপতি হিচাপে বাইবেলত হাত থৈ শপতবাক্য পাঠ কৰে বাইডেনে৷ আমেৰিকাৰ ইতিহাসত সর্বাধিক ভোট লাভেৰে ৰাষ্ট্রপতি নির্বাচিত জ’ বাইডেন আৰু উপ–ৰাষ্ট্রপতি নির্বাচিত কমলা হেৰিছৰ শপতগ্রহণ অনুষ্ঠান বর্ণাঢ়্য কার্যসূচীৰে আয়োজন কৰা হয়৷

বিদায়ী ৰাষ্ট্রপতি ট্রাম্পৰ সমর্থকৰ সশস্ত্র আক্রমণৰ প্রতি লক্ষ্য ৰাখি কেপিটল হিল অভেদ্য দুর্গ ৰূপে সজাই তোলা শপতগ্রহণ কার্যসূচীত দেশখনৰ ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰাৰ পাছতেই ভাৰতীয় বংশোদ্ভৱ বিনয় ৰেড্ডীয়ে প্রস্তুত কৰা ভাষণেৰে দেশবাসীক ৰাষ্ট্রপতি হিচাপে প্রথমবাৰ সম্বোধন কৰে বাইডেনে৷ ইপিনে বিদায়ী ৰাষ্ট্রপতি ট্রাম্পে ফাষ্ট লেডী মেলানীয়া ট্রাম্পৰ সৈতে হোৱাইট হাউছ ত্যাগ কৰা কেইমিনিটমান পাছতে শপতগ্রহণ কৰিবলৈ আৱেগিক হৈ থকা সপত্নীক বাইডেনে ৱাশ্বিংটনৰ কেথেড্রেল অৱ ছেইণ্ট মেথিউ দ্য এপ’ষ্টলত প্রার্থনা সভাত অংশ লয়৷ প্রার্থনা সভাত অংশ লৈ বাইডেনে টুইটযোগে কয়– আমেৰিকাৰ এক নতুন দিন৷ গির্জাত প্রার্থনা সভাত অংশগ্রহণ কৰাৰ পূর্বে ৰাষ্ট্রপতি বাইডেন, ফাষ্ট লেডী জিল বাইডেন, উপ–ৰাষ্ট্রপতি কমলা হেৰিছ আৰু তেওঁৰ স্বামীয়ে সমগ্র দেশবাসীৰ সৈতে একত্রিত হৈ ক’ভিড–১৯ত প্রাণ হেৰুওৱা ৪ লক্ষাধিক লোকক স্মৰণ কৰে৷ কঠোৰ নিৰাপত্তাৰ লগতে ক’ভিড–১৯ নির্দেশনা অনুসৰি সকলো লোকে মাস্ক পৰিধান কৰা শপতগ্রহণ অনুষ্ঠানত প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা, বিল ক্লিণ্টন আৰু জর্জ ডব্লিউ বুশ্বৰ লগতে প্রাক্তন ফাষ্ট লেডী মিছেল অ’বামা, লৌৰা বুশ্ব আৰু হিলাৰী ক্লিণ্টন উপস্থিত থাকে৷ উল্লেখ্য যে ৰাষ্ট্রপতি বাইডেনৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত নাথাকিল বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ দেশৰ ইতিহাসত ডেৰশ বছৰৰ পাছত প্রথমগৰাকী ৰাষ্ট্রপতি ট্রাম্প, যিয়ে তেওঁৰ উত্তৰসূৰী ৰাষ্ট্রপতিৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ নকৰিলে৷ ইপিনে ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছে আমেৰিকাৰ প্রথম মহিলা উপ–ৰাষ্ট্রপতি হিচাপে শপতগ্রহণৰ পূর্বে ভাৰতত হেৰিছৰ মাতৃৰ জন্মভূমি তামিলনাডুৰ তিৰুৱাৰী জিলাৰ থুলাছেন্দ্রাপুৰাম গাঁৱত ফটকা–আতচবাজীৰ লগতে মিঠাই বিতৰণ কৰি গাঁওবাসীয়ে আনন্দ–উল্লাস কৰে৷ গাঁওখনত কমলা হেৰিছক লৈ গৌৰৱান্বিত লোকসকলে হেৰিছৰ সফলতাক লৈ আনন্দ–উল্লাস কৰে৷ হেৰিছৰ খুৰাক গোপালন বালচন্দনে সাংবাদিকৰ আগত কয় যে তেওঁৰ ভতিজাকে এই স্থানত উপনীত হৈছে আন কাৰো বোজা নোহোৱাকৈ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ঐতিহাসিক শপতগ্রহণ কার্যসূচীত অংশগ্রহণ কৰি দেশখনত ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধুৱে সন্তুষ্টি ব্যক্ত কৰে৷ ৰাষ্ট্রদূতগৰাকীয়ে টুইটযোগে কয়– ঐতিহাসিক অনুষ্ঠানত উপস্থিত থকাটো অতি আনন্দদায়ক৷ আনহাতে, আজি অন্তিমবাৰৰ বাবে দেশবাসীক হোৱাইট হাউছৰ পৰা সম্বোধন কৰি ট্রাম্পে অন্য এক ৰূপত পুনৰ উভতি আহিম বুলি মন্তব্য কৰে৷ ৱাশ্বিংটনৰ জইণ্ট ৱেছ এনড্রিউজত সমৱেত পৰিয়ালৰ লোক, কর্মচাৰী, সমর্থকক উদ্দেশ্যি ট্রাম্পে কয়– তেওঁৰ চাৰি বছৰ অতুল্য আছিল৷ আমি একেলগে এইক্ষেত্রত কাম কৰিছোঁ৷ মই আপোনালোকৰ বাবে সদায় যুঁজি যাম৷ তাৎপর্যপূর্ণ যে অন্তিম ভাষণত ট্রাম্পে বাইডেনৰ নাম নোলোৱাকৈ নতুন চৰকাৰক সফলতাৰ বাবে প্রার্থনা কৰে৷
ঐতিহাসিক ক্ষণৰ পূর্বে মাকক শ্রদ্ধাঞ্জলি কমলা হেৰিছৰ
বিশ্বৰ সর্বশক্তিশালী ৰাষ্ট্র আমেৰিকাৰ প্রথম উপ–ৰাষ্ট্রপতি হিচাপে শপতগ্রহণৰ পূর্বে ভিডি’যোগে মাতৃক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে কমলা হেৰিছে৷ তেওঁৰ জীৱন সংগ্রামত যিসকল মহিলাই অনুপ্রেৰণা আৰু সাহস দি আছে, সেই মহিলাসকলৰ ছবিসহ যোৱা নৱেম্বৰত নির্বাচনত বিজয়ৰ পাছত দিয়া ভাষণ সংলগ্ণ কৰি কমলা হেৰিছে এটা ভিডি’ প্রচাৰ কৰে৷ এই ভিডি’টোত আমেৰিকা যুক্তৰাষ্ট্রৰ উপ–ৰাষ্ট্রপতি হিচাপে ইতিহাস গঢ়াৰ দিশে আগবঢ়া হেৰিছে কয়– মই সেইসকল মহিলাৰ বাবে আজি ইয়াত থিয় দিব পাৰিছোঁ৷ যিসকল মোতকৈ পূর্বে আহিছিল৷ আজি মোৰ এই স্থিতিক লৈ সবাতোকৈ দায়বদ্ধ মহিলাগৰাকী হৈছে মোৰ মা শ্যামলা গোপালন হেৰিছ৷ যিগৰাকী সদায় আমাৰ হূদয়ত আছে৷ ভিডি’টোত কমলা হেৰিছৰ পৰিয়াল আৰু দেশজুৰি চলোৱা প্রচাৰ অভিযানৰ স্নেপশ্বটো আছে৷ মাতৃক স্মৰণ কৰি ভিডি’টোত হেৰিছে এনেদৰে কয় যে যেতিয়া তেওঁ ১৯ বছৰ বয়সত ভাৰতৰ পৰা ইয়ালৈ আহিছিল, সম্ভৱতঃ এই মুহূর্তৰ কথাটো সপোনতো ভবা নাছিল৷ কিন্তু তেওঁ আমেৰিকাক গভীৰভাৱে বিশ্বাস কৰে৷ য’ত এই মুহূর্ততো সম্ভৱ হ’ব পাৰে৷ গতিকে মই তেওঁৰ বিষয়ে ভাবি আছোঁ আৰু তেওঁলোকৰ প্রজন্মৰ মহিলাসকলৰ বাবে– কৃষ্ণাংগ মহিলা, এছিয়ান, শ্বেত, লেটিন আৰু খিলঞ্জীয়া আমেৰিকাৰ মহিলা৷ আজি মই সেই মহিলাসকলৰ সংগ্রাম তেওঁলোকৰ সিদ্ধান্ত আৰু তেওঁলোকৰ ভিজনৰ শক্তি দেখিবলৈ পাইছোঁ৷ আজি মই তেওঁলোকৰ কাষত থিয় দিছোঁ৷ নিশাৰ শেষৰ ফালে মই প্রথম মহিলা, প্রথম কৃষ্ণাংগ আমেৰিকান আৰু প্রথম এছিয়ান আমেৰিকান হিচাপে আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিতীয় শীর্ষ পদবীত অধিষ্ঠিত হ’ম৷
বিদায়ী দিনটোত কাৰাবন্দী ১৪০তকৈ অধিকক ক্ষমাদান ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ
অৱশেষত হোৱাইট হাউছ এৰিলে বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনৰ জনাদেশত পৰাজিত হৈও পৰাজয় স্বীকাৰ নকৰা ড’নাল্ড ট্রাম্পে যোৱা ৬ জানুৱাৰীত তেওঁৰ সমর্থকৰ দ্বাৰা কেপিটল হিলত আক্রমণ কৰাৰ পাছতেই পৰাজয় স্বীকাৰ কৰাই নহয়, হোৱাইট হাউছ ত্যাগ কৰিবলৈ বাধ্য হ’ল৷ আজি ৪৬সংখ্যক ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনে শপতগ্রহণ কৰাৰ পূর্বে বিদায়ী ৰাষ্ট্রপতি ট্রাম্পে পূর্বে ৰেকর্ড কৰা ভিডি’ বার্তাৰে নতুন ৰাষ্ট্রপতি জ’ বাইডেনৰ সফলতাৰ বাবে প্রার্থনা কৰে৷ ৰাষ্ট্রপতি ট্রাম্পে বিগত সপ্তাহ ধৰি ৰাজহুৱা মন্তব্য কৰাৰ পৰা বিৰত থাকি অৱশেষত বিদায়ী ভাষণত ট্রাম্পে আৱেগিক হৈ তেওঁৰ নীৰৱতা ভংগ কৰি ৰাষ্ট্রপতি নির্বাচিত জ’ বাইডেন আৰু উপ–ৰাষ্ট্রপতি নির্বাচিত কমলা হেৰিছক তেওঁলোকৰ কার্যকালৰ সফলতাৰ বাবে শুভেচ্ছাও জ্ঞাপন কৰে৷ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰাটো তেওঁৰ বাবে মর্যাদাপূর্ণ আৰু মহান সন্মানৰ বিষয় বুলি দেশবাসীক কৃতজ্ঞতা জনায় ট্রাম্পে৷ আনহাতে, ৰাষ্ট্রপতি হিচাপে অন্তিমটো দিনত ট্রাম্পে ১৪০তকৈ অধিক কাৰাবন্দীৰ ক্ষমাদানত স্বাক্ষৰ কৰে৷ ৰেপাৰ লিল ৱায়নে আৰু ক’ডাক ব্লেকসহ ৰিপাব্লিকান পার্টীৰ পুঁজি সংগ্রহক এলিয়ট ব্রইডি, প্রাক্তন সতীর্থ ষ্টিভ বেননো আছে ক্ষমাদান কৰা কাৰাবন্দীৰ তালিকাত৷

You might also like