নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালৰ সন্ধানহীন ধ্বংসাৱশেষ উদ্ধাৰ, ৪ জন ভাৰতীয়সহ ২২ জনৰ খবৰ নাই

বিশেষ বাৰ্তা, ৩০ মেঃ চাৰিজন ভাৰতীয়কে ধৰি ২২ জন লোকৰ সৈতে দেওবাৰে সন্ধানহীন হোৱা বিমানখনৰ দুৰ্ঘটনাস্থলী নেপাল সেনাই নিৰ্ণয় কৰিছে। সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ ছিলৱালে আজি টুইট কৰি স্পষ্টকৈ দেখা পোৱা বিমানখনৰ ধ্বংসাৱশেষৰ ফটোৰে সৈতে টুইট কৰে। ভাৰতীয় পৰিয়ালৰ চাৰিজন সদস্যসহ ২২ জন লোক কি অৱস্থাত কেনেকৈ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দেওবাৰে পুৱা প্ৰায় ১০ বজাত পৰ্যটন চহৰ পোখৰাৰ পৰা উৰা মৰাৰ কিছু মিনিটৰ পিছতে টাৰা এয়াৰৰ দ্বাৰা পৰিচালিত টাৰ্বোপ্ৰপ টুইন অটাৰ ৯এন-এইটি বিমানখনে যোগাযোগ হেৰুৱাই পেলাইছিল। কানাডাত নিৰ্মিত এই বিমানখন পোখাৰা চহৰৰ পৰা মধ্য নেপালৰ জনপ্ৰিয় পৰ্যটন চহৰ জোমছমলৈ উৰা মাৰিছিল।

You might also like