১৫ বছৰীয়া হ’ব নতুন স্কুলীয়া পাঠ্যক্রমঃ যুগান্তকাৰী পদক্ষেপেৰে ৩৪ বছৰৰ পিছত নতুন শিক্ষানীতিত কেন্দ্রীয় কেবিনেটৰ অনুমোদন
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ দেশৰ স্কুলীয়া শিক্ষা আৰু উচ্চ শিক্ষাৰ আমূল পৰিৱর্তনৰ লক্ষ্যৰে প্রস্তুত কৰা ৰাষ্ট্রীয় শিক্ষানীতি, ২০২০ত আজি কেন্দ্রীয় কেবিনেটে অনুমোদন জনালে৷ ১+২ শিক্ষা পদ্ধতি সলনিৰ পৰা স্নাতক শিক্ষাত বহুমাত্রিক ব্যৱস্থা আৰু উচ্চ শিক্ষাত আগশাৰীৰ বিদেশী শিক্ষা প্রতিষ্ঠানৰ কেম্পাছ স্থাপনৰ অনুমতিলৈ এই নতুন ৰাষ্ট্রীয় শিক্ষানীতিৰ জৰিয়তে দেশৰ
শিক্ষা ব্যৱস্থাত যুগান্তকাৰী পৰিৱর্তনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত শিক্ষকৰ যোগ্যত ৪ বছৰীয়া একত্রীকৃত বি এড ডিগ্রী কৰাৰ লগতে স্কুলীয়া শিক্ষাত ১০০ শতাংশ নামভর্তি (জি ই আৰ) নিশ্চিতকৰণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে নতুন শিক্ষানীতিত৷ বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে নতুন শিক্ষানীতিত অনুমোদন জনোৱাৰ লগে লগে শিক্ষা খণ্ডত ব্যাপক পৰিৱর্তনশীল সংস্কাৰৰ পথ মুকলি হ’ল৷ লক্ষণীয়ভাৱে মানৱ সম্পদ উন্নয়ন বিভাগক শিক্ষা বিভাগ হিচাপে নামকৰণতো কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়৷ মানৱ সম্পদ উন্নয়ন মন্ত্রী প্রকাশ জাভাড়েকাৰে কয় যে ৩৪ বছৰৰ পূর্বেই ১৯৮৬ চনত শেষবাৰলৈ দেশত শিক্ষানীতি প্রৱর্তন কৰা হৈছিল আৰু ১৯৯২ চনৰ পিছত এই নীতিৰ সংশোধন ঘটোৱা হোৱা নাছিল৷ সেয়ে এই নতুন শিক্ষানীতিৰ প্রয়োজনীয়তা অপৰিসীম বুলি বিবেচিত হৈছে৷ দেশত প্রথমবাৰলৈ শিক্ষানীতি গ্রহণ কৰা হৈছিল ১৯৬৮ চনত৷ শতিকাৰ প্রথম শিক্ষানীতি হিচাপে ৰাষ্ট্রীয় শিক্ষানীতি–২০২০ৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ২০৩০ চনৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ লগতে ভাৰতক জ্ঞানৰ এক উজ্জীৱিত সমাজত পৰিণত কৰাৰ লক্ষ্য লোৱা হৈছে৷ মানৱ সম্পদ উন্নয়ন বিভাগৰ এক বিবৃতিত কোৱা হয় যে এই নীতি হ’ব শিক্ষাৰ সুলভতা, সমতা, মান, সহজলভ্যতা আৰু দায়বদ্ধতাৰ মূল ভেটিৰ স্তম্ভ৷ ২১ শতিকাৰ উপযুক্ত হোৱাকৈ এই শিক্ষানীতিয়ে স্কুল–কলেজৰ শিক্ষাক সামগ্রিক, নমনীয় আৰু বহুমাত্রিক কৰি তুলিব আৰু ভাৰতক জ্ঞানৰ ক্ষেত্রত বিশ্বৰ ছুপাৰ পাৱাৰত পৰিণত কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হয়৷
সকলো পর্যায়তে সার্বজনীন শিক্ষাৰ নিশ্চিতি
১+২ পদ্ধতিক +++৪ পাঠ্যক্রমলৈ ৰূপান্তৰ কৰা হ’ব৷ ৩–৪, ৮–১১, ১১–১৪ আৰু ১৪–১৮ বছৰ বয়স গ্রুপত পাঠ্যক্রম ভাগ কৰা হ’ব৷ অন্তিম ৪ বছৰত উচ্চতৰ মাধ্যমিক পাঠ্যক্রমত দশম আৰু দ্বাদশ উভয় গ্রেড অন্তর্ভুক্ত কৰা হ’ব৷ এই পাঠ্যক্রমৰ জৰিয়তে ৩–৬ বছৰ গ্রুপৰ শিশু স্কুলীয়া শিক্ষাৰ অনুমোদিত পাঠ্যক্রমত অন্তর্ভুক্ত হ’ব৷ সকলো পর্যায়তে সার্বজনীন শিক্ষাৰ নিশ্চিতিৰ বাবে উন্নত আন্তঃগাঁথনি, উদ্ভাৱনীমূলক শিক্ষা কেন্দ্র, শিক্ষার্থীৰ অগ্রগতিৰ খতিয়ান আদিত গুৰুত্ব দিয়া হৈছে৷ উদ্ভাৱনীমূলক শিক্ষা কেন্দ্রৰ জৰিয়তে আধাতে স্কুল এৰি যোৱা শিক্ষার্থীক পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব৷ স্কুল এৰি যোৱা ২ কোটি শিক্ষার্থীক শিক্ষা প্রদানৰ লক্ষ্য লোৱা হৈছে নতুন শিক্ষানীতিত৷ ইয়াৰ বাবে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাও প্রৱর্তন কৰা হ’ব৷ সেইদৰে গুৰুত্ব দিয়া হৈছে মুক্ত বিদ্যালয়, ভকেচনেল পাঠ্যক্রম, প্রাপ্তবয়স্ক শিক্ষা আৰু জীৱন–উজ্জীৱন কার্যসূচীতো৷
স্কুলীয়া পাঠ্যক্রম আৰু শিক্ষা বিজ্ঞানত সংস্কাৰ
নতুন শিক্ষানীতিৰ অন্যতম প্রধান লক্ষ্য হ’ল ২১ শতিকাৰ উপযোগী হোৱাকৈ পাঠ্যক্রম আৰু শিক্ষা বিজ্ঞানলৈ সংস্কাৰ অনাটো৷ ৩–৬ বছৰৰ শিক্ষার্থীক উপযুক্ত শিক্ষা প্রদানৰ বাবে অংগনৱাড়ী কর্মীক উপযুক্ত প্রশিক্ষণ দিয়া হ’ব৷ স্কুলীয়া শিক্ষাৰ পাঠ্যক্রম নমনীয় কৰা হ’ব, যাতে শিক্ষার্থীয়ে প্রয়োজনীয় জ্ঞান আৰু চিন্তনত অধিক সময় দিয়াৰ লগতে ব্যৱহাৰিক জ্ঞানত গুৰুত্ব দিব পাৰে৷ যিহেতু ব্যৱস্থাটোক বহুমাত্রিক কৰাৰ লক্ষ্য লোৱা হৈছে সেয়ে কলা আৰু বিজ্ঞানক কঠোৰভাৱে পৃথকীকৰণ কৰা নহয়৷ সেইদৰে পাঠ্যক্রম অন্তর্ভুক্ত আৰু বহির্ভূত তথা ভকেচনেল আৰু একাডেমিকছতো কঠোৰ পৃথকীকৰণ কৰা নহয়৷ ষষ্ঠ গ্রেডৰ পৰা বিদ্যালয়সমূহত ভকেচনেল শিক্ষা আৰম্ভ কৰা হ’ব৷
পঞ্চম শ্রেণীলৈ মাতৃভাষা
পঞ্চম শ্রেণীলৈ মাতৃভাষা বা স্থানীয়/আঞ্চলিক ভাষা হ’ব শিক্ষাৰ মাধ্যম৷ প্রয়োজনসাপেক্ষে মাতৃভাষাত শিক্ষাৰ মাধ্যম অষ্টম শ্রেণীলৈ বৃদ্ধি কৰিব পাৰিব৷ স্কুলৰ পৰা উচ্চ শিক্ষালৈ সংস্কৃতক বিকল্প বিষয় হিচাপে অন্তর্ভুক্ত কৰা হ’ব৷ অৱশ্যে কোনো ভাষাক বিষয় হিচাপে জোৰ–জবৰদস্তি শিক্ষার্থীৰ ওপৰত জাপি দিয়া নহয়৷
সামগ্রিক বহুমাত্রিক স্নাতক শিক্ষা
স্নাতক শিক্ষাৰ পাঠ্যক্রম সামগ্রিক আৰু বহু বৈষয়িক কৰা হ’ব৷ আনকি আই আই টিৰ দৰে কাৰিকৰী প্রতিষ্ঠানেও সময়ৰ সৈতে খোজ মিলাই বহু বিষয়সম্বলিত শিক্ষানীতি গ্রহণ কৰিব লাগিব৷ নমনীয় পাঠ্যক্রমেৰে স্নাতক পর্যায়ত বিষয়–বিন্যাস সৃষ্টিশীল কৰাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ জৰিয়তে এজন শিক্ষার্থীয়ে নিজৰ পছন্দৰ বিষয়সমূহ বাছি লোৱাত সুবিধা হ’ব৷ স্নাতক শিক্ষা হ’ব ৩ৰ পৰা ৪ বছৰীয়া৷ অৱশ্যে প্রথম বছৰ শিক্ষাৰ অন্ততো এজন শিক্ষার্থীয়ে শিক্ষা সামৰিব পৰাৰ ব্যৱস্থা প্রৱর্তন কৰা হ’ব৷ সেই অনুসৰি প্রথম বছৰত প্রমাণ–পত্র, দ্বিতীয় বছৰত এডভান্স্ড ডিপ্লোমা, তৃতীয় বছৰত স্নাতক ডিগ্রী আৰু চতুর্থ বছৰৰ সামৰণিত গৱেষণাসহ স্নাতক ডিগ্রী প্রদান কৰা হ’ব৷ উল্লেখ্য যে নতুন শিক্ষা নীতিৰ পৰা এম ফিল ডিগ্রী বাদ দিয়া হৈছে৷
উচ্চ শিক্ষাৰ একক নিয়ন্ত্রণ সংস্থা
চিকিৎসা বিজ্ঞান আৰু আইন শিক্ষাক বাদ দি উচ্চ শিক্ষাৰ সকলো বিভাগৰ একক নিয়ন্ত্রক হিচাপে এটা নতুন সংস্থা হায়াৰ এডুকেচন কমিছন অৱ ইণ্ডিয়া (এইচইচিআই) গঠন কৰা হ’ব৷ ইয়াৰ অধীনত নেচনেল হায়াৰ এডুকেচন ৰেগুলেটৰী কাউন্সিলে নীতি নির্ধাৰণ কৰিব আৰু নেচনেল এক্রেডিটেচন কাউন্সিলে (নাক) শিক্ষানুষ্ঠানৰ যোগ্যতা নিৰূপণ কৰিব৷ আন দুটা অধীনস্থ সংস্থা জেনেৰেল এডুকেচন কাউন্সিলে মান উন্নীতকৰণৰ দিশটো চোৱাচিতা কৰিব আৰু হায়াৰ এডুকেচন গ্রাণ্টছ কাউন্সিলে পুঁজি যোগান ধৰিব৷ উচ্চ শিক্ষাত গ্রছ এনৰ’লমেণ্ট ৰেচি’ (জিইআৰ) ২০১৮ চনৰ ২৬.৩ শতাংশৰ পৰা ২০৩৫ চনত ৫০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ বাবে ৩.৫ কোটি নতুন আসন উচ্চ শিক্ষানুষ্ঠানসমূহত মুকলি কৰা হ’ব৷ ইপিনে, বিশ্বৰ শীর্ষৰ এশ বিদেশী বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ স্থাপনৰ অনুমতি দিয়া হ’ব৷ স্মর্তব্য যে ইউপিএ চৰকাৰৰ দ্বিতীয় কার্যকালত ইয়াৰ বাবে এখন বিধেয়ক অনাৰ চেষ্টা কৰিছিল যদিও মূলতঃ দুটা যুক্তিত বিজেপিয়ে ইয়াৰ তীব্র বিৰোধিতা কৰিছিল৷ ইয়াৰে এটা হ’ল– বিদেশী শিক্ষা প্রতিষ্ঠানে শিক্ষাৰ ব্যয় ঊর্ধ্বমুখী কৰিব৷ আনটো আপত্তিৰ বিষয় আছিল যে অধিক দৰমহাৰে ভাৰতীয় প্রতিষ্ঠানৰ পৰা শিক্ষকক বিদেশী প্রতিষ্ঠানে আকর্ষিত কৰি নিব৷ উল্লেখ্য যে বহুমাত্রিক বিষয়ত শিক্ষা প্রদানত ব্যর্থ হোৱা শিক্ষা প্রতিষ্ঠানসমূহক পর্যায়ক্রমে অৱলুপ্ত কৰাৰো আঁচনি এই শিক্ষানীতিত গ্রহণ কৰা হৈছে৷