নিউয়র্কত প্রথমগৰাকী ভাৰতীয় মহিলাৰ বিজয়
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ নিউয়র্ক প্রাদেশিক সংসদলৈ নির্বাচিত হৈছে প্রথমগৰাকী ভাৰতীয়মূলৰ মহিলা অধিবক্তা জেনিফাৰ ৰাজকুমাৰ৷ অধিবক্তা জেনিফাৰ নিউয়র্কৰ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাও৷ ৩৮ বছৰীয়া জেনিফাৰ দক্ষিণ–পূব এছিয়াৰ ভিতৰত প্রদেশখনৰ প্রথমগৰাকী নির্বাচিত প্রতিনিধি হিচাপে চিহ্ণিত হৈছে৷ ডেমক্রেট জেনিফাৰৰ হাতত পৰাভূত হৈছে ৰিপাব্লিকান প্রতিদ্বন্দ্বী জি’ভানি পার্না৷ তাৎক্ষণিকভাৱে ভাৰতীয়মূলৰ আমেৰিকান সম্প্রদায়ে জেনিফাৰক অভিনন্দন জ্ঞাপন কৰিছে৷ ষ্টেনফ’ডত শিক্ষা গ্রহণ কৰা অধিবক্তা জেনিফাৰে দেশখনত প্রব্রজিত লোকৰ অধিকাৰক লৈ প্রচাৰ চলাই আহিছে৷ ইফালে, মার্কিন কংগ্রেছলৈ প্রথমবাৰৰ বাবে নির্বাচিত হৈছে সমকামী কৃষ্ণাংগ ব্যক্তি ৰিটচি টৰেছ৷ ছাউথ ব্রংছৰ পৰা ৩২ বছৰীয়া টৰেছ কংগ্রেছলৈ নির্বাচিত হোৱাৰ লগে লগে এক নতুন যুগৰ সূচনা হৈছে দেশখনৰ ৰাজনীতিত৷ নিউয়র্ক চিটী কাউন্সিলৰ সদস্য টৰেছে প্রদেশখনৰ পঞ্চদশ কংগ্রেছনেল জিলাৰ পৰা নির্বাচনত বিজয়ী হৈছে৷ টৰেছৰ হাতত পৰাভূত হৈছে ৰিপাব্লিকান প্রার্থী পেট্রিক ডেলিকেছ৷ নিউয়র্ক টাইমছৰ প্রতিবেদন অনুসৰি প্রথমগৰাকী সমকামী ব্যক্তি হিচাপে মার্কিন কংগ্রেছলৈ নির্বাচিত হোৱা টৰেছে দেশখনত সমকামী লোকসকলৰ অধিকাৰক লৈ সৰৱ হোৱাৰ সম্ভাৱনা আছে৷