নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডত মন্ত্রীৰ দায়িত্ব লাভ ভাৰতীয় মূলৰ প্রিয়ংকাৰ

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ভাৰতীয় মূলৰ প্রিয়ংকা ৰাধাকৃষ্ণনে নিউজিলেণ্ডত প্রথমবাৰলৈ মন্ত্রীৰ দায়িত্ব লাভ কৰিছে৷ প্রধানমন্ত্রী জাচিণ্ডা আর্ডার্নে নতুন মন্ত্রীসভাত পাঁচগৰাকী সাংসদক স্থান দিছে৷ তাৰ ভিতৰত ৰাধাকৃষ্ণনকো বাছনি কৰিছে প্রধানমন্ত্রীগৰাকীয়ে৷ কেৰালাৰ এর্নাকুলামত জন্মগ্রহণ কৰা ৪১ বছৰীয়া প্রিয়ংকা ৰাধাকৃষ্ণনে ছিংগাপুৰত অধ্যয়ন কৰিছিল৷ তাৰ পিছতে উচ্চ শিক্ষাৰ বাবে নিউজিলেণ্ডলৈ যাত্রা কৰে মহিলাগৰাকীয়ে৷ উল্লেখনীয় যে নিউজিলেণ্ডত বিভিন্ন সামাজিক কামত জড়িত হোৱাৰ উপৰি ঘৰুৱা হিংসাৰ বিৰুদ্ধে সবল কণ্ঠস্বৰ হৈ পৰে ৰাধাকৃষ্ণন৷ আনকি প্রব্রজিত কর্মীসকলৰ ওপৰত হোৱা নির্যাতনৰ বিৰুদ্ধেও ৰাধাকৃষ্ণনে আৰম্ভ কৰে সজাগতা অভিযান৷ ২০১৭ৰ ছেপ্ঢেম্বৰত লেবাৰ পার্টীৰ পৰা নিউজিলেণ্ড সংসদলৈ নির্বাচিত হয় মহিলাগৰাকী৷ ২০১৯ত খিলঞ্জীয়া সম্প্রদায়সমূহৰ বাবে থকা মন্ত্রালয়ত সংসদীয় সচিবৰ দায়িত্ব লাভ কৰে ৰাধাকৃষ্ণনে৷ ইয়াৰ পিছতে প্রধানমন্ত্রী আর্ডার্নৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় নেত্রীগৰাকীয়ে৷

You might also like