নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজিলেণ্ডত কোৱাৰেণ্টাইন কেন্দ্র নিৰীক্ষণ কৰিব সেনাবাহিনীয়ে

নিয়মীয়া বাৰ্তা ১৮ জুনঃ মহামাৰী ক’ভিড–১৯মুক্ত বুলি ঘোষণা কৰাৰ এসপ্তাহ পিছতেই নিউজিলেণ্ডত পুনৰ দুজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছতেই কোৱাৰেণ্টাইন কেন্দ্রক লৈ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে প্রধানমন্ত্রী জেচিণ্ডা আর্ডানে৷ ২৪ দিনৰ মূৰকত গ্রেট ব্রিটেইনৰ পৰা অহা দুই মহিলাৰ দেহত ক’ভিড–১৯ চিনাক্ত হোৱাৰ পিছতেই প্রধানমন্ত্রী আর্ডানে বিদেশৰ পৰা অহা কিম্বা ক’ৰোনাত আক্রান্তৰ সংস্পর্শলৈ অহা লোকৰ ক্ষেত্রত কোৱাৰেণ্টাইন কঠোৰ কৰি তুলিছে৷ কোৱাৰেণ্টাইন কেন্দ্রত নির্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব বুলি সকীয়াই দিয়াৰ লগতে প্রধানমন্ত্রীগৰাকীয়্ কোৱাৰেণ্টাইন কেন্দ্রৰ নিৰীক্ষণৰ দায়িত্ব দিলে সেনাবাহিনীক৷ প্রতিৰক্ষা বিভাগৰ উপ–মুৰব্বী এয়াৰ কমাণ্ডাৰ ডিগ্বি ৱেবক দেশখনৰ কোৱাৰেণ্টাইন কেন্দ্রৰ লগতে আইছ’লেচন ফেচিলিটীসমূহ নিৰীক্ষণৰ দায়িত্ব অর্পণ কৰা হৈছে৷ কোৱাৰেণ্টাইন কেন্দ্রত সকলো ব্যৱস্থা সেনাবাহিনীয়ে চোৱা–চিতা কৰাৰ লগতে খাদ্যসামগ্রীৰ পৰা চিকিৎসা সামগ্রীও যোগান ধৰিব৷

You might also like