নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত নীৰৱ মোদীৰ প্রত্যর্পণৰ বিচাৰ প্রক্রিয়া

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ প্রত্যর্পণৰ বিচাৰ প্রক্রিয়া পাঁচ দিন ধৰি আজিৰ পৰা ব্রিটেইনৰ ৱেষ্টমিনিষ্টাৰ দণ্ডাধীশৰ আদালতত আৰম্ভ হ’ব৷ ৪৯ বছৰীয়া নীৰৱ মোদীৰ ভাৰতলৈ প্রত্যর্পণ বিচাৰি চি বি আই আৰু এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)এ দুখনকৈ আবেদন জনাইছিল ব্রিটেইনত৷

২০১৯ চনৰ মার্চ মাহৰ পৰা ব্রিটেইনৰ কাৰাগাৰত বন্দী হৈ আছে নীৰৱ মোদী৷ পাঁচবাৰকৈ পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ জামিন আবেদন অগ্রাহ্য কৰিছে ৱেষ্টমিনিষ্টাৰ দণ্ডাধীশৰ আদালতে৷ উল্লেখনীয় যে আগন্তুক ১১ ছেপ্টেম্বৰলৈ প্রত্যর্পণৰ বিচাৰ প্রক্রিয়া চলাব আদালতখনে৷

বিচাৰ প্রক্রিয়াত দোষী সাব্যস্ত হ’লে ব্রিটেইন চৰকাৰে ভাৰতলৈ প্রত্যর্পণ কৰিব নীৰৱ মোদীক৷ স্মর্তব্য যে ব্রিটেইনৰ প্রত্যর্পণ আইন অনুসৰি অবৈধ ধনৰ লেনদেন আৰু প্রৱঞ্চনাৰ গোচৰত নীৰৱ মোদী দোষী সাব্যস্ত হ’ব লাগিব৷ ভাৰতত পঞ্জাব নেচনেল বেংকৰ ১১ হাজাৰ কোটিতকৈ অধিক টকা প্রৱঞ্চনাৰে সৰকাইছিল নীৰৱ মোদীয়ে৷

You might also like