নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আত্মনির্ভৰ ভাৰত’ : অনলাইন শিক্ষাৰ বাবে ১২ টা নতুন চেনেল, ২০০ পাঠ্যপুথি

নিয়মীয়া বাৰ্তা, ১৮ মেঃ ক’ৰোনা মহামাৰীত বিধ্বস্ত দেশৰ অর্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা ‘আত্মনির্ভৰ ভাৰত’ গঢ়াৰ বাবে কেন্দ্রই গুৰুত্ব আৰোপ কৰিব ৭টা খণ্ডত৷ এই খণ্ডকেইটাৰ ভিতৰত আছে এম জি এনৰেগা, স্বাস্থ্য, ক’ভিড আৰু বাণিজ্য, শিক্ষা, ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান, কোম্পানী আইন আৰু ইজ অব ডুয়িং    বিজিনেছ৷ প্রধানমন্ত্রী মোদীয়ে ক’ৰোনাত্তৰ পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ অর্থনৈতিক পেকেজ সন্দর্ভত আজি চতুর্থ তথা অন্তিমখন সংবাদ মেলত বিত্তমন্ত্রী নির্মলা সীতাৰমনে ৭টা খণ্ডৰ ওপৰত প্রদান কৰা গুৰুত্বৰ বিষয়ে সদৰী কৰে৷ ক’ৰোনাত্তৰ পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে দেশত জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব প্রদান কৰি ব্লক পর্যায়ত জনস্বাস্থ্য পৰীক্ষাগাৰ স্থাপনৰ ঘোষণা কৰে সীতাৰমনে৷

তেওঁ এই মহামাৰীৰ সন্মুখীন হ’ব পৰাকৈ স্থানীয় পর্যায়ত অধিক চিকিৎসালয় নির্মাণৰ পৰিকল্পনা প্রকাশ কৰে৷ আনহাতে গ্রামোন্নয়নৰ বাবে বিত্তমন্ত্রীগৰাকীয়ে এম জি এনৰেগা আঁচনি ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি চলিত বর্ষৰ বাজেটত এই আঁচনিৰ বাবে ধার্য কৰা ৬১ হাজাৰ কোটি টকাৰ লগত অতিৰিক্তভাৱে ৪০ হাজাৰ কোটি টকা অনুমোদন জনোৱাৰ সিদ্ধান্ত সদৰী কৰে৷ ইয়াৰ জৰিয়তে স্থানীয় পর্যায়ত সংস্থাপনৰ সুবিধাৰে নিবনুৱা সমস্যা প্রতিৰোধ কৰা হ’ব বুলি বিত্তমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ শিক্ষাৰ ওপৰত গুৰুত্ব প্রদান কৰি অনলাইন শিক্ষা ব্যৱস্থাৰ প্রসাৰ কৰা হ’ব বুলি ঘোষণা কৰে সীতাৰমনে৷ তেওঁ শিশুৰ শিক্ষাৰ বাবে ১২টা নতুন চেনেল মুকলি কৰাৰ বিষয়ে সদৰী কৰি কয় যে এই চেনেলসমূহত ছাত্র–ছাত্রীয়ে পোনপটীয়াভাৱে মত বিনিময় কৰাৰ সুবিধা লাভ কৰিব৷ একেদৰে ই–পাঠশালাৰ অধীনত নতুনকৈ ২০০খন পাঠ্যপুথি প্রকাশ কৰাৰ বিষয়েও তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আনহাতে স্বাস্থ্য বীমাৰ ক্ষেত্রত এতিয়াৰে পৰা এজন ব্যক্তিৰ বীমাই ৫০ লাখ টকাপর্যন্ত সামৰি ল’ব বুলি জানিবলৈ দিয়ে বিত্তমন্ত্রীগৰাকীয়ে৷

তেওঁ লগতে কয় যে স্বাস্থ্যকর্মীসকলৰ সুৰক্ষাৰ বাবে এই সম্পর্কীয় পুৰণি আইনখন শীঘ্রেই সংশোধন কৰা হ’ব৷ আনহাতে প্রব্রজিত শ্রমিকসকলে খোজকাঢ়ি ঘৰলৈ কৰা যাত্রাৰ ক্ষেত্রত এতিয়া কেন্দ্রীয় চৰকাৰে ৰে’লসেৱা মুকলি কৰিছে আৰু এই ৰে’লযাত্রাৰ ৮৫ শতাংশ ধন কেন্দ্রই ব্যয় কৰিব৷ এই শ্রমিকসকলক তিনি মাহৰ খাদ্য সামগ্রী যোগান ধৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ আনহাতে আজি সংবাদ মেলত ৰাজ্যসমূহৰ ঋণৰ ক্ষেত্রত বৃহৎ ঘোষণা কৰে বিত্তমন্ত্রী সীতাৰমনে৷ তেওঁ কয় যে ক’ৰোনাৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে এতিয়াৰ পৰা ৰাজ্যসমূহে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ ঋণ ল’ব পৰা যি সুবিধা আছিল এই পৰিমাণ এতিয়া বৃদ্ধি কৰি ৫ শতাংশ কৰা হৈছে৷ অর্থাৎ এতিয়াৰ পৰা প্রতিখন ৰাজ্যই নিজৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৫ শতাংশ ঋণ হিচাপে ল’ব পাৰিব৷ এই বিত্তীয় বর্ষত কেন্দ্রই এই সুবিধাৰ বাবে ৰাজ্যসমূহলৈ অতিৰিক্তভাৱে ৪.২৮ লাখ কোটি টকা আগবঢ়াব৷

আনহাতে ৰাজ্যসমূহৰ আগধনৰ পৰিমাণ ৬০ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে ৰিজার্ভ বেংকৰ প্রতি আহ্বান জনোৱা বুলি সীতাৰমনে জানিবলৈ দিয়ে৷ ৰাজ্যসমূহক অভাৰ ড্রাফ্টৰ ক্ষেত্রতো সকাহ দিছে কেন্দ্রীয় চৰকাৰে৷ নতুন ঘোষণা অনুসৰি এতিয়াৰ পৰা ধাৰাবাহিক অভাৰ ড্রাফ্ট পূর্বৰ ১৪ দিনৰ পৰা এতিয়া ২১ দিনলৈ বৃদ্ধি কৰা হৈছে৷ একেদৰে তিনি মাহৰ কোৱার্টাৰৰ ক্ষেত্রত পূর্বৰ ৩২ দিনৰ পৰা এতিয়া ৫১ দিনলৈ বৃদ্ধি কৰা হৈছে৷

আনহাতে দুর্যোগ ব্যৱস্থাপনাৰ বাবে এইপর্যন্ত আগতীয়াকৈ ১১,০৯২ কোটি টকা ৰাজ্যসমূহলৈ এপ্রিলৰ প্রথম সপ্তাহতে মুকলি কৰি দিয়াৰ তথ্যও সদৰী কৰে নির্মলা সীতাৰমনে৷ তেওঁ লগতে জনায় যে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ কাৰণে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ইতিমধ্যে ৪,১১৩ কোটি টকা মুকলি কৰি দিছে৷ তেওঁ সংবাদ মেলত সদৰী কৰে যে এম জি এনৰেগা আঁচনি বৃদ্ধিৰ জৰিয়তে গ্রাম্য সংস্থাপন আৰু ক’ভিড আৰু বাণিজ্য পৰিকল্পনাৰ জৰিয়তে ক্ষুদ্র আৰু মজলীয়া ব্যৱসায় বৃদ্ধিৰ ৰোডমেপ প্রস্তুত কৰিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷ এই ব্যৱস্থাৱলীৰ জৰিয়তে ক’ৰোনাত্তৰ কালৰ দেশৰ ভাগি পৰা অর্থনীতি পুনৰুজ্জীৱিত হৈ উঠিব বুলি বিত্তমন্ত্রীগৰাকীয়ে আশা প্রকাশ কৰে৷

You might also like