নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘূর্ণি ‘নিসর্গ’ই ৩ জুনত খুন্দা মাৰিব মুম্বাইতঃ সংহাৰী ৰূপ ল’ব কাল ঘূর্ণিয়ে

নিয়মীয়া বার্তা, ২ জুনঃ আৰব সাগৰত সৃষ্ট ঘূর্ণি নিসর্গই অহা ৩ জুনত মুম্বাইত খুন্দা মাৰিব৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী প্রকাশ কৰি কয় যে সোমবাৰে পুৱা আৰব সাগৰৰ পূব–মধ্য আৰু দক্ষিণ–পূবৰ মাজভাগত লগতে লাক্ষাদ্বীপ অঞ্চলত নিম্ন চাপৰ ফলত ঘূর্ণিৰ সম্ভাৱনা বৃদ্ধি পাইছে৷

পাঞ্জীমৰ পৰা দক্ষিণ–পশ্চিমে ৩৭০ কিলোমিটাৰ, মুম্বাইৰ পৰা দক্ষিণ–পশ্চিমে ৬৯০ কিলোমিটাৰ আৰু গুজৰাটৰ দক্ষিণ–পশ্চিমে ৯২০ কিলোমিটাৰ নিলগৰ সাগৰত সৃষ্ট এই ঘূর্ণি নিসর্গই ৩ জুনত মুম্বাইত প্রৱেশ কৰিব৷ এই ঘূর্ণি নিসর্গই ভয়াৱহ ৰূপ ল’ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰিছে৷ মুম্বাইৰ উপকূলত খুন্দা মৰাৰ পিছত ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ লগতে গুজৰাটতো ঘূর্ণিৰ প্রভাৱ পৰিব৷ প্রচণ্ড বা–মাৰলীৰ লগতে প্রবল বৰষুণ হ’ব৷

You might also like