নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’বাইল উৎপাদনত দ্বিতীয় বৃহত্তম দেশ ভাৰত

নিয়মীয়া বার্তা, ২ জুনঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বৰ বাবে ম’বাইল উৎপাদনত বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ হিচাপে ভাৰতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয় আইন, যোগাযোগ, তথ্য–প্রযুক্তিমন্ত্রী ৰবি শংকৰ প্রসাদে  টুইটযোগে এই ঘোষণা কৰি কয় যে বিগত পাঁচ বছৰৰ ভিতৰত দেশত ২০০তকৈ অধিক ম’বাইল ফোন নির্মাণ কৰা গোট স্থাপন কৰা হৈছে৷

২০১৪ চনৰ তুলনাত ২০১৯ চনলৈকে ম’বাইল ফোন উৎপাদনকাৰী কোম্পানীৰ গোট ২০০ শতাংশ বৃদ্ধি পাইছে৷ চলিত বিত্তীয় বর্ষত ৩৩০ নিযুত ম’বাইল ফোন উৎপাদন কৰা হৈছে আৰু এই ম’বাইল হেণ্ডছেটৰ মূল্য প্রায় ৩০ নিযুত মার্কিন ডলাৰ৷ জি’মি ইণ্ডিয়াৰ মুৰব্বী মনু কুমাৰ জৈনে কেন্দ্রীয় মন্ত্রীগৰাকীৰ টুইটৰ পিছতে সন্তুষ্টি ব্যক্ত কৰি কয় যে কালি আমি গৌৰৱান্বিবত৷ ম’বাইল ফোন উৎপাদনত বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ ভাৰত৷

You might also like