নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ পজিটিভ নিটি আয়োগৰ কর্মচাৰী, ৪৮ ঘণ্টালৈ কার্যালয় ছীল

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ দেশব্যাপী অব্যাহত আছে ৷ বিগত সপ্তাহ ধৰি প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যাও বৃদ্ধি হৈ আছে ৷ দেশত আক্রান্তৰ সংখ্যাই ৩০ হাজাৰ অতিক্রম কৰিছে আৰু মৃতকৰ সংখ্যাও এহেজাৰ স্পর্শৰ দিশে ৷ সর্বাধিক আক্রান্ত আৰু প্রাণ হেৰুওৱা ৰাজ্য হিচাপে মহাৰাষ্ট্রত এতিয়ালৈকে প্রায় ৯ হাজাৰ লোক আক্রান্ত হোৱাৰ বিপৰীতে ৩৫০তকৈও অধিক লোকে প্রাণ হেৰুৱাইছে ৷ ৰাজ্যখনত বিগত তিনি দিনত ৩জন আৰক্ষীৰ জোৱান ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক সাবটি লোৱাৰ পাছতে মুম্বাই আৰক্ষীয়ে ৫৫ বছৰ ঊর্ধ্বৰ আৰক্ষীক দায়িত্বৰ পৰা আঁতৰাই ৰাখিছে ৷ অর্থাৎ ৫৫ বছৰ ঊর্ধ্বৰ আৰক্ষীৰ লোকসকলক ঘৰতে থাকিবলৈ নির্দেশ দিছে ৷ আনপিনে, দেশৰ নীতি নির্ধাৰণকাৰী সর্বোচ্চ সংস্থা নিটি আয়োগৰ বিল্ডিং পৰৱর্তী ৪৮ ঘণ্টাৰ বাবে ছীল কৰি দিয়া হৈছে ৷

নিটি আয়োগৰ সঞ্চালক পর্যায়ৰ এজন কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে মঙলবাৰে বিল্ডিংটো ছীল কৰি দিয়াৰ লগতে কর্মচাৰীসকলক কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ ইপিনে, ক’ভিড–১৯ৰ আন এক হটস্পট হিচাপে চিনাক্ত হোৱা ৰাজ্য মধ্যপ্রদেশত মঙলবাৰে কাৰাবন্দী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য নিশ্চিত হৈছে ৷ ৰাজ্যখনৰ কেন্দ্রীয় কাৰাগাৰত ১৯জন কাৰাবন্দী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে কাৰাগাৰখন ছীল কৰি দিয়া হৈছে ৷ তামিলনাডুৰ চেন্নাইত দুজন আৰক্ষীৰ জোৱান ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ আনহাতে, ক’ভিড–১৯ৰ আন এক হটস্পট ৰাজধানী দিল্লীত বিগত দুদিনত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ দেশৰ আন ৰাজ্যৰ তুলনাত দিল্লীত ক’ভিড–১৯ৰ যুঁজাৰু এই মহামাৰী ভাইৰাছটোত অধিক আক্রান্ত হৈছে ৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য মতে, দিল্লীত ৪.১১ শতাংশ স্বাস্থ্যকর্মী ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ এই আক্রান্তৰ ভিতৰত চিকিৎসক, নার্ছ, পেৰামেডিকেলৰ কর্মী আৰু আন কর্মী আক্রান্ত হৈছে ৷ বিগত ২৪ ঘণ্টাত ১,৫০০তকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৫০তকৈ অধিক লোকে প্রাণ হেৰুওৱাৰ পাছত আজিও দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে ৷ আক্রান্ত আৰু মৃতকৰ তালিকাৰ শীর্ষত মহাৰাষ্ট্র থকাৰ বিপৰীতে ইয়াৰ পাছতে আছে গুজৰাট, দিল্লী, ৰাজস্থান, মধ্যপ্রদেশ, উত্তৰ প্রদেশ, তামিলনাডু, অন্ধ্রপ্রদেশ, তেলেংগানা, পশ্চিমবংগ, জম্মু–কাশ্মীৰ আৰু কর্ণাটক ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে, উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ ভিতৰত ৫খন ৰাজ্য ক’ৰোনামুক্ত ৷ এই ৰাজ্যকেইখন হৈছে ছিকিম, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, নাগালেণ্ড ৷ ক’ভিড–১৯ত আক্রান্ত উত্তৰ–পূবৰ ৰাজ্যকেইখন হৈছে মেঘালয়, অসম, অৰুণাচল প্রদেশ ৷ তাৎপর্যপূর্ণ যে ছিকিমত এজনো লোক ক’ভিড–১৯ত আক্রান্ত হোৱা নাছিল৷ ইয়াৰ বিপৰীতে বাকীকেইখন ৰাজ্যত আক্রান্তসকল সুস্থ হৈ উঠিছে ৷

You might also like