অমিক্রনৰ বাবে পিছুৱাই দিয়া নহ’ব নির্বাচন
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ক’ভিড মহামাৰীৰ পৰিৱর্তিত প্রকৰণ অমিক্রনৰ সংক্রমণে দেশজুৰি সংহাৰ সৃষ্টি কৰিলেও বিধানসভা নির্বাচন পিছুৱাই দিয়া নহয় উত্তৰ প্রদেশসহ ৫ ৰাজ্যৰ৷ নির্ধাৰিত সময়তে ৰাজ্যকেইখনৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছে মুখ্য নির্বাচন আয়ুক্ত (চিইচি) সুশীল চন্দ্রাই৷ বৃহস্পতিবাৰে এক সংবাদ মেলত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে যে সকলো দলৰ প্রতিনিধিৰ সৈতে আলোচনা চলোৱা হৈছে৷ প্রতিটো দলৰ প্রতিনিধিয়ে স্পষ্টভাৱে জনাই দিছে যে ক’ভিড প্রট’কল মানি নির্ধাৰিত সময়ত অনুষ্ঠিত হ’ব লাগিব নির্বাচন৷ লক্ষণীয়ভাৱে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে ৮০ বছৰ ঊর্ধ্বৰ, শাৰীৰিকভাৱে অক্ষম আৰু ক’ভিডত আক্রান্ত লোকসকলে ঘৰৰ পৰাই ভোট দিব পাৰিব বুলি মন্তব্য কৰিছে৷
ইয়াৰ উপৰি নির্বাচনত ভোটগ্রহণৰ সময়ত প্রতিটো বুথত ভিভিপেটৰ ব্যৱস্থা কৰা হ’ব বুলিও নির্বাচন আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে৷ ক’ভিড প্রট’কল উলংঘা কৰি যাতে কোনেও প্রচাৰ চলাব নোৱাৰে, সেই বিষয়টোত নির্বাচন আয়োগক নজৰ দিবলৈ অনুৰোধ জনাইছে ৰাজনৈতিক দলসমূহে৷ স্মর্তব্য যে ভোটদানৰ সময়সূচী পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নির্দিষ্ট কৰি দিছে আয়োগে৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশ বা আন ৰাজ্যসমূহৰ বিধানসভা নির্বাচনৰ সময়সূচী এতিয়াও ঘোষণা কৰা নাই নির্বাচন আয়োগে৷ কিন্তু উত্তৰ প্রদেশত আগন্তুক আঢ়ৈ মাহৰ ভিতৰত বিধানসভা নির্বাচন নির্ধাৰিত সময়সূচী অনুসৰি অনুষ্ঠিত হ’ব লাগে৷