কঠোৰ ৰাজ্য চৰকাৰ মাস্ক নিপিন্ধিলে ১ লাখ টকাৰ জৰিমনা–দুই বছৰৰ কাৰাবাস
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ক’ভিড–১৯ৰ সংক্রমণৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ঝাৰখণ্ড চৰকাৰে কঠোৰতম পদক্ষেপ গ্রহণ কৰিছে৷ ঝাৰখণ্ড চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে জাৰি কৰি ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকক এক লাখ টকাৰ জৰিমনা বিহা হ’ব বুলি সকীয়নি দিছে৷ তদুপৰি লকডাউনৰ নির্দেশনা উলংঘন কৰা লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ দুবছৰ কাৰাদণ্ড বিহিব৷ সংক্রমিত বীজাণু অধ্যাদেশ ২০২০ অনুসৰি এই শাস্তি আৰু জৰিমনা বিহা হ’ব৷
উল্লেখ্য যে ঝাৰখণ্ডত একেটি পৰিয়ালৰ ৬জন লোকে ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুওৱাৰ লগতে ৰাজ্যখনত দ্রুতগতিত বৃদ্ধি পাই আছে মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা৷ আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱা বাবে ৰাজ্যখনত চৰকাৰী হাস্পতালত বিছনাৰ অভাৱ ঘটাত ব্যক্তিগত চিকিৎসালয় আৰু বিবাহ ভৱনকে ধৰি আন চৰকাৰী সামূহিক গৃহসমূহত অস্থায়ী চিকিৎসালয় স্থাপন কৰি আছে৷ দেশৰ ভিতৰতে ক’ভিড–১৯ক লৈ নির্দেশনা নমনা লোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি আৰু জৰিমনা ৰাজ্যখনে বলৱৎ কৰিছে৷