ক’ভিডৰ বাবে ন’বেল শান্তি বঁটা গ্রহণ নকৰে বিছলীয়ে
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ চলিত বর্ষৰ ন’বেল শান্তি বঁটাৰ বাবে নির্বাচিত হোৱা বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)ৰ মুৰব্বীয়ে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে নৰৱেৰ অ’ছলোত এই বঁটা গ্রহণ কৰিবলৈ সক্ষম নহ’ব৷ ডব্লিউ এফ পিৰ মুৰব্বী ডেভিদ বিছলীয়ে এই বঁটা নৰৱেৰ ন’বেল ইনষ্টিটিউটৰ পৰা আনুষ্ঠানিকভাৱে সোঁশৰীৰে গ্রহণ কৰাৰ কথা আছিল যদিও এয়া সম্ভৱ হৈ নুঠিল৷
স্মর্তব্য যে বিশ্বজুৰি ক্ষুধা প্রতিৰোধ আৰু সংঘর্ষজর্জৰ অঞ্চলসমূহৰ পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্রত লোৱা ভূমিকাৰ বাবে চলিত বর্ষত ন’বেল শান্তি বঁটাৰ বাবে নির্বাচিত কৰা হৈছে ডব্লিউ এফ পিক৷ প্রতি বছৰে ১০ ডিচেম্বৰত ন’বেল বঁটাৰ প্রতিষ্ঠাতা আলফ্রেড ন’বেলৰ মৃত্যু বার্ষিকীত এই বঁটা অ’ছলোত আনুষ্ঠানিকভাৱে প্রদান কৰা হয়৷