নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’লা গহ্বৰৰ গৱেষণাঃ পদাৰ্থ বিজ্ঞানৰ নোবেল পালে তিনিগৰাকীয়ে

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ চিকিৎসা বিজ্ঞানৰ পিছত নোবেল জুৰীয়ে এইবাৰ পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰাসকলৰ নাম ঘোষণা কৰে।

পদাৰ্থ বিজ্ঞানতো এইবাৰ তিনিগৰাকী বিজ্ঞানীক নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰে। বিজ্ঞানীকেইগৰাকী হ’ল আমেৰিকান বিজ্ঞানী এণ্ড্ৰিয়া গেজ, ব্ৰিটেইনৰ ৰজাৰ পেনৰোজ আৰু জাৰ্মানীৰ ৰেনহাৰ্ড গনজেল।

নোবেল কমিটীয়ে জনোৱা মতে, ৰসায়ন বিজ্ঞানত নোবেলপ্ৰাপকৰ নাম পৰৱৰ্তী বুধবাৰে প্ৰকাশ কৰা হ’ব। বৃহস্পতিবাৰে সাহিত্য, শুকুৰবাৰে শান্তি আৰু সোমবাৰে অৰ্থনীতিৰ নোবেলপ্ৰাপকৰ নাম ঘোষণা কৰা হ’ব।

You might also like