নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষভাৱে সক্ষম শিশুক সহপাঠীৰ ঠাট্টা, ৰাষ্ট্ৰপতিয়ে কৰিলে…

স্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত ঠাট্টা-ধেমালি তেনেই স্বাভাৱিক কথা বুলিয়ে সাধাৰণতে ভবা হয়। এই সাধাৰণ কথাটোৱে কেতিয়াবা ইমান বিৰক্তিকৰ আৰু ভয়ানক হৈ উঠে যে শিশুটিয়ে স্কুললৈ যাবলৈ ইচ্ছা নকৰা হয়। তাতেই যদি শিশুটি বিশেষভাৱে সক্ষম হয়, তেন্তে পৰিস্থিতি আৰু বেয়া হৈ উঠে। ইউৰোপৰ এখন সৰু দেশ ৰিপাব্লিক অৱ মেছিডোনিয়াৰ মানসিকভাৱে দুৰ্বল শিশু এটিক স্কুলত আন ছাত্ৰ-ছাত্ৰীয়ে ঠাট্টা কৰাৰ পাছত কি কৰিলে দেশখনৰ ৰাষ্ট্ৰপতিয়ে, সেয়া কোনেও ভাবিব নোৱাৰে।

ডাউন ছিনড্ৰমত ভোগা ১১ বছৰীয়া এম্বলা এডেমীক লৈ তেওঁৰ অভিভাৱকে যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছিল। স্কুলত আন সহপাঠীৰ ঠাট্টা-তিৰস্কাৰে অতিষ্ঠ কৰিছিল তেওঁলোকক। এই কথা কেনেবাকৈ দেশখনৰ ৰাষ্ট্ৰপতি ষ্টিভো পেণ্ডাৰোভস্কিৰ কাণত পৰাত তেওঁ শিশুটিৰ ঘৰত গৈ ওলায় আৰু পৰিয়ালৰ পৰা সৱিশেষ জানি লয়। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভাৱকৰ দৰে হাতত ধৰি নিজে স্কুললৈ লৈ যায় বিশেষভাৱে সক্ষম এম্বলাক। এই ভিডিঅ’ ভাইৰেল হৈ পৰাত সকলোৱে বিষয়টোক লৈ চিন্তা কৰাৰ থল পায় আৰু ৰাষ্ট্ৰপতিগৰাকীকো প্ৰশংসাৰে ওপচাই পেলায়। স্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত ভেদভাব কোনোপধ্যে সহ্য কৰা নহয় বুলি সকীয়াই দিছে ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ বাবে বিশেষ আইনৰ ব্যৱস্থাও কৰা হ’ব বুলি তেওঁ জনাইছে।

You might also like