নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০০ টকীয়া নোট বন্ধ হোৱাৰ সন্দৰ্ভত কি ক’লে চৰকাৰে

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ    বন্ধ হ’ব নেকি ২০০০ টকীয়া নোট? বহু দিনৰ পৰা বিভিন্ন মাধ্যমত এই খবৰ প্ৰচাৰ হোৱা দেখা গৈছিল। কিন্তু ইয়াৰ মাজতে চৰকাৰে এই সন্দৰ্ভত জানিবলৈ দিছে যে  ২০০০ টকীয়া নোট বন্ধ কৰাৰ কোনো ধৰণৰ পৰিকল্পনা নাই। লোকসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে জনায় যে চৰকাৰে ২০০০ টকীয়া নোট বন্ধ কৰাৰ কোনোধৰণৰ পৰিকল্পনা কৰা নাই। তেওঁ লগতে উল্লেখ কৰে যে ২০০০ নোট কমকৈ ছপোৱা হৈছে। ঠাকুৰে লগতে কয় যে বজাৰত নগদ ধনৰ প্ৰচলন স্বাভাৱিক কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰামৰ্শ অনুসৰি বিভিন্ন ধৰণৰ নোট ছপা কৰে।

You might also like