নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডত ড্ৰাগছঃ এন চি বিৰ নজৰত এইবাৰ ছাৰা আলী খান, শ্ৰদ্ধা কাপোৰসহ চাৰিগৰাকী

নিয়মীয়া বার্তা, ২০ ছেপ্টেম্বৰঃ নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে এইবাৰ সোধা-পোছা কৰিব বলীউডৰ অভিজাত পৰিয়ালৰ পৰা অহা অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খানক। লগতে সীমোন সম্বাতা আৰু ৰকুল প্ৰীতকো চমন জাৰি কৰাৰ সম্ভাৱনা আছে।

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে এই চাৰিওগৰাকী বলীউড চেলিব্ৰিটিৰ নাম উল্লেখ কৰিছিল এন চি বিৰ আগত। গতিকে সংস্থাটোৱে এই সপ্তাহতে আটাইকেইগৰাকীক সোধা-পোছা কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত কৰাৰ সময়ত মাদক দ্ৰব্যজনিত বহু ঘটনাৰ খবৰ পোহৰলৈ আহে আৰু নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৱে তদন্ত আৰম্ভ কৰি ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহুকেইগৰাকী মাদক দ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

এই তদন্তৰ প্ৰয়োজনতে এতিয়া ছাৰা আলী খানসহ চাৰিওগৰাকী অভিনেত্ৰীক সোধা-পোছা কৰিব পাৰে এন চি বিয়ে।

You might also like