নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰীৰিক সম্পৰ্ক নকৰাক লৈ পত্নীয়ে খাইছিল শপত…স্বামীয়ে কৰিলে আত্মহত্যা

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ গুজৰাটৰ আহমেদাবাদত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বিয়াৰ ২২ মাহৰ পিছতো কোনো ধৰণৰ শাৰিৰিক সম্বন্ধ হোৱা নাছিল দম্পত্তিৰ মাজত। যাৰ পৰিপেক্ষিতত হতাশাত ভুগি আত্মহত্যা কৰে স্বামীয়ে। ইয়াৰ পিছত শাহুৱেকে আৰক্ষীক অভিযোগৰ দিয়ে আৰু আৰক্ষীয়ে অভিযোগৰ ভিত্তিত পত্নীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে গুজৰাটৰ মণিনগৰৰ বাসিন্দা ৩২ বছৰীয়া মহিলা গীতা পৰমাৰ সুৰেন্দ্ৰ সিঙৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু বিয়াৰ পিছতে বোৱাৰীয়েকৰ ওপৰত অভিযোগ উত্থাপিত হৈছিল যে বিয়াৰ ২২ মাহৰ পিছতো স্বামীৰ লগত কোনো ধৰণৰ শাৰীৰিক সম্বন্ধ হোৱা নাই। যাৰ বাবে স্বামী সুৰেন্দ্ৰ সিঙ হতাশাত ভুগিছিল। তাৰ পাছত তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হয়।

সুৰেন্দ্ৰ সিঙৰ মাতৃয়ে আৰক্ষীক অভিযোগত উল্লেখ কৰিছে যে যেতিয়া তেওঁ পুত্ৰৰ ঘৰলৈ গৈছিল তেতিয়া দুয়ো বেলেগ কোঠাত শুইছিলে। এই সম্পৰ্কে পুত্ৰক সোধাত পুত্ৰই জনাইছিল যে বিয়াৰ পিছৰে পৰা তেওঁলোকৰ মাজত কোনো ধৰণৰ সম্বন্ধ হোৱা নাই। লগতে তেওঁ এইবুলি উল্লেখ কৰিছিল যে পত্নীয়ে শপত খাইছিল যে স্বামীৰ লগত কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক নহয়।

গীতা আৰু সুৰেন্দ্ৰৰ ২০১৮ চনত বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু ইয়াৰ আগতেও ২০১৬ চনৰ প্ৰথমা পত্নীৰ লগত বিচ্ছেদ হয় সুৰেন্দ্ৰৰ। সুৰেন্দ্ৰ গীতাৰ লগত দ্বিতীয় বিবাহ হৈছিল।

 

মৃত্যু পিছতো জীয়াই ৰাখিলে পত্নীক কিন্তু কেনেকৈ…

You might also like