নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়া–ৰাহুলৰ মালিকীস্বত্বৰ কোম্পানীৰ সম্পত্তি জব্দৰ জাননী

🔹 নেচনেল হেৰল্ড গোচৰত মোক্ষম আঘাত কংগ্রেছত

নিউজ ডেস্ক, ১৩ এপ্রিল : বহুচর্চিত নেচনেল হেৰল্ড গোচৰত কংগ্রেছৰ শীর্ষ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে সম্পর্কিত সম্পত্তি জব্দৰ প্রক্রিয়া আৰম্ভ কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে৷ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মালিকীস্বত্বৰ কোম্পানী ইয়ং ইণ্ডিয়া লিমিটেড চমুকৈ ৱাইআইএলে হস্তগত কৰা এছ’চিয়েট জার্নেলছ লিমিটেড চমুকৈ এজেএলৰ সম্পত্তিসমূহ জব্দ কৰাৰ বাবে ইডিয়ে জাননী জাৰি কৰিছে৷ ইডিয়ে যোৱা ১১ এপ্রিলত এজেএলৰ দিল্লী, মুম্বাই আৰু লক্ষ্ণৌত থকা কার্যালয়ৰ সম্পত্তি জব্দ কৰিবলৈ জাননী জাৰি কৰিছে৷ নেচনেল হেৰল্ড গোচৰত ইডিয়ে কংগ্রেছৰ শীর্ষ নেতাৰ সৈতে জড়িত সম্পত্তি জব্দ কৰাৰ জাননী দিয়াটোৱে কংগ্রেছলৈ আঘাত৷ উল্লেখ্য যে ২০১৪ চনত বিজেপি নেতা সুব্রমণিয়ম স্বামীয়ে ইয়ং ইণ্ডিয়ান লিমিটেডে এছ’চিয়েট জার্নেলছ লিমিটেডৰ দুই হাজাৰ কোটি টকাৰ সম্পত্তি প্রৱঞ্চনাৰে ৫০ লাখতে হস্তগত কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ সেই অভিযোগৰ ভিত্তিতেই ৰুজু কৰা গোচৰৰ তদন্ত চলাই থকা ইডিয়ে নেচনেল হেৰল্ড অবৈধ ধনৰ লেনদেন গোচৰত ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী সম্পর্কিত সম্পত্তি জব্দ কৰাৰ জাননী জাৰি কৰিছে৷ ইডিয়ে প্রকাশ কৰা মতে, কংগ্রেছ নেতাৰ সৈতে ৯৮৮ কোটি টকাৰ অবৈধ লেনদেন জড়িত হৈ আছে৷ নেচনেল হেৰল্ড নিউজ পেপাৰ এজেএলৰ দ্বাৰা প্রকাশিত হৈছিল৷ ইডিয়ে চলোৱা তদন্তত এজেএলৰ এই সম্পত্তিৰ সৈতে ৯৮৮ কোটি টকাৰ অবৈধ লেনদেনৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে ২০২৩ চনৰ নৱেম্বৰত ইডিয়ে দিল্লী, মুম্বাই আৰু লক্ষ্ণৌস্থিত এজেএলৰ ৬৬১ কোটি টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছিল৷ স্মর্তব্য যে ২০২১ চনত ইডিয়ে নেচনেল হেৰল্ড অবৈধ ধনৰ লেনদেন গোচৰৰ তদন্ত আৰম্ভ কৰে৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু আন জ্যেষ্ঠ কংগ্রেছী নেতা এই গোচৰত জড়িত থকাৰ অভিযোগ তুলি ইডিয়ে তদন্ত আগবঢ়ায়৷ দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে বিভিন্ন আইনী প্রত্যাহ্বানৰ মাজতো এই গোচৰৰ অনুসন্ধানৰ নির্দেশ দিয়ে৷ তদন্তৰ সময়ত ইডিয়ে উল্লিখিত গোচৰৰ সৈতে জড়িত বিভিন্ন স্থানত অভিযান চলাই বিত্তীয় অনিয়মৰ তথ্য লাভ কৰে৷

You might also like